NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ আহ্বান দিল্লী মহিলা আয়োগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 2, 2023 12:56 pm

দিল্লী মহিলা আয়োগে মণিপুৰ ভ্ৰমণৰ পৰা উভতি অহাৰ কিছুদিন পিছতে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ ওপৰত অন্তৱৰ্তীকালীন পৰামৰ্শ বিচাৰি আবেদন জনাইছে।

হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা জৰুৰীভাৱে বলবৎ কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ বাবে ডিচিডব্লিউৱে আবেদন জনাইছে।

ৰাজ্যত সংঘটিত হোৱা জনগোষ্ঠীয় সংঘৰ্ষৰ মূল কাৰণ তদন্ত আৰু নিৰ্ণয়ৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিবলৈও আয়োগে অনুৰোধ জনাইছে।

অন্তৱৰ্তীকালীন পৰামৰ্শসমূহৰ ভিতৰত আয়োগে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ এটা দলক ৰাজ্যখনলৈ যাবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে তেওঁৰ দলৰ সৈতে যোৱা ২৩ জুলাইত মণিপুৰ ভ্ৰমণ কৰি বিভিন্ন সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু পৰিস্থিতিৰ মূল্যায়ন কৰে।

স্বাতী মালিৱালে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেকো সাক্ষাৎ কৰি পৰিস্থিতিৰ বিষয়ে আৰু ৰাজ্যজুৰি সাহায্য শিবিৰত বাস কৰা লোকসকলৰ বিষয়ে অৱগত কৰে। 

শেহতীয়াকৈ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা জঘন্য কাণ্ডৰ দোষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈও দাবী জনাইছে স্বাতী মালিৱালে। 

এই ভ্ৰমণৰ সময়ত মালিৱালে তেওঁৰ দলৰ সৈতে ৰাজ্যখনৰ পাহাৰ আৰু ভৈয়ামৰ কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰে। ভুক্তভোগী লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভিযোগৰ বিষয়েও সোধা-পোছা কৰে স্বাতী মালিৱালে ।