NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত সন্তুষ্টি প্ৰকাশ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 4, 2024 6:35 pm

ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে।

এতিয়া অসমীয়াৰ দায়িত‌্ব আৰু বাঢ়িল বুলিও মন্তব্য প্ৰকাশ কৰিছে ইমৰান শ্বাহে।

অসমীয়া ভাষাটো বহু প্ৰাচীন।‌ অথচ অসমীয়া ভাষাই বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে। এটা সময়ত অসমতে বাঙালী ভাষাৰ প্ৰচলন হৈছিল। গতিকে অসমীয়া সজাগ হ’ব লাগিব । অসমীয়া লোকে নিজৰ ৰাজ্যতেই হওঁক বা আন ঠাইতেই হওঁক মত বিনিময় কৰোঁতে প্ৰথমে আন ভাষা ব্যৱহাৰ কৰাতকৈ প্ৰথমে অসমীয়া ভাষাকেই ব্যৱহাৰৰ পৰামৰ্শ বিশিষ্ট কথা শিল্পী গৰাকীৰ।