NORTHEAST NOW (Assamese)

ক্ৰিকেটীয় জ্ঞানত ধোনী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ : ইমৰাণ তাহিৰ

January 31, 2021 1:19 pm · এন ই নাও নিউজ

দক্ষিণ আফ্ৰিকাৰ বৰ্ষীয়ান স্পীনাৰ ইমৰাণ তাহিৰে পুনৰ প্ৰশংসা কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীক।

ধোনীক প্ৰশংসা কৰি তাহিৰে বিশ্বৰ ক্ৰিকেটাৰ সকলৰ ভিতৰত ধোনীৰ ক্ৰিকেটৰ জ্ঞান সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰে।

‘‘ধোনীৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নায়। তেওঁ বলাৰৰ বাবে কেনেধৰণৰ ফিল্ড সজাৱ লাগে আলোচনা নকৰাকৈ ভালকৈ জানে…….আমি মাত্ৰ বলিং কৰিব লাগে,’’ ইমৰাণ তাহিৰে ধোনীৰ বিষয়ে এনেদৰে কয়।

আনহাতে, তাহিৰে ধোনীক সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট জ্ঞানৰ অধিকাৰী বুলি কোৱাৰ উপৰিও এগৰাকী এতি ভাল মানুহ বুলিও প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত মহেন্দ্ৰ সিং ধোনীয়ে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

ইমৰাণ তাহিৰে বিগত বহু বৰ্ষৰ পৰা ধোনীৰ অধিনায়কত্বত চেন্নাই চুপাৰ কিংগছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰি আছে।

Related News