NORTHEAST NOW (Assamese)
অসম

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত দিল্লীত ধৰ্ণা কাৰ্য্যসূচী ল’ব ঐক্য সেনা অসমে

Posted by: কল্পজ্যোতি শইকীয়া August 30, 2018 2:26 pm
Oikya Sena Assam

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত অহা ৫ ছেপ্তেম্বৰত দিল্লীৰ জন্তৰ-মন্তৰত ধৰ্ণা কাৰ্য্যসূচী অনুষ্ঠিত কৰিব ঐক্য সেনা অসমে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৱে এই কথা ঘোষণা কৰে।

সংবাদমেলত উপস্থিত থাকি ঐক্য সেনা অসমৰ মুখ্য সম্পাদক চহিদুল ইছলামে কয় যে যোৱা ৫ টা দশকত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানৰ ফলত প্ৰতিবছৰে ৮০ বৰ্গ কিল’ মিটাৰ হিচাপত প্ৰায় ৪ হাজাৰ বৰ্গ কিল’মিটাৰ কৃষিভূমিৰ লগতে প্ৰায় ২৫০০ গাঁৱৰ ৫০ লাখ মানুহ গৃহহাৰা তথা ক্ষতিগ্ৰস্ত হৈছে।

তেওঁ লগতে কয়, ‘ঐক্য সেনা অসম প্ৰথমৰে পৰা বৃহৎ নদীবান্ধৰ বিৰোধী আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৃহৎ নদীবান্ধ কেতিয়াও হ’বলৈ দিয়া নহ’ব।’

আনহাতে সংবাদমেলতে উপস্থিত থকা ঐক্য সেনা অসমৰ কাৰ্য্যকৰী সভাপতি দেৱজ্যোতি শৰ্মাই বান-গৰাখহনীয়াই মাজুলীৰ মাটিকালিৰ পৰিমাণ কমাই আনিছে বুলি উল্লেখ কৰি কয় যে উজনি-নামনিৰ বহুকেইখন জিলা বানপানীৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে।

ইয়াৰ প্ৰতিবাদত অহা ৫ ছেপ্তেম্বৰত তেওঁলোকে দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰিব বুলি সদৰী কৰি সংগঠনটোৰ নেতৃবৃন্দই জনায় যে উক্ত প্ৰতিবাদত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিব। তদুপৰি অৱস্থান ধৰ্মঘটৰ পিছতেই তেওঁলোকে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও তেওঁলোকে জনায়।

আনহাতে, অহা ৪ ছেপ্তেম্বৰৰ দিনা ঐক্য সেনা অসমৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে দিল্লীৰ শংকৰদেৱ ভৱনত দিনজোৰা কাৰ্য্যসূচীৰে দিৱসটো উদযাপন কৰিব বুলি সংগঠনৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে জানিবলৈ দিয়ে।