NORTHEAST NOW (Assamese)

২৬/১১, উৰি, পাঠানকোটৰ পৰিকল্পনাকাৰীক শাস্তি প্ৰদানৰ বাবে পাকিস্তানক যুটীয়া বিবৃতিযোগে আহ্বান ভাৰত আৰু আমেৰিকাৰ

October 28, 2020 8:49 am · এন ই নাও নিউজ

ভাৰত আৰু আমেৰিকাই মঙলবাৰে প্ৰকাশ কৰা এক যুটীয়া বিবৃতিত পাকিস্তানক ২৬/১১ৰ পৰিকল্পনাকাৰী, উৰি আৰু পাঠানকোটৰ মাষ্টাৰ মাইণ্ড সকলক শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়।

বিবৃতিটোত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই লগতে ভবিষ্যতে পাকিস্তানৰ নিয়ন্ত্ৰণত থকা ভূখণ্ড যাতে কোনোকাৰণতে সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিব নোৱাৰে সেই কথা নিশ্চিত কৰাৰ বাবেও ইছলামাবাদক কয়।

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হোৱা তৃতীয় ২+২ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পাছতে দুয়োখন দেশে এই যুটীয়া বিবৃতিটো প্ৰকাশ কৰে।

ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হোৱা ২+২ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আমেৰিকাৰ চেক্ৰেটাৰী অফ ষ্টেট মাইক পম্পেয়ো ভাৰতত উপস্থিত হৈছিল।

বৈঠকত পম্পেয়োই আমেৰিকাই ভাৰতৰ সাৰ্বভৌমত্ত অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সদায় একেলগে থিয় দিব বুলিও মন্তব্য কৰে।

Related News