NORTHEAST NOW (Assamese)
দেশ

প্ৰেমিকাক হত্যা কৰি ৰক্তহস্তে থানাত উপস্থিত প্ৰেমিক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 27, 2024 3:41 pm
প্ৰেমিকাক হত্যা কৰি ৰক্তহস্তে থানাত উপস্থিত প্ৰেমিক

শনিবাৰে নিশা গুৰুগ্ৰামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ২২ বছৰীয়া প্ৰেমিকাক ছুৰীৰে আঘাত কৰি হত্যা কৰিছে প্ৰেমিকে। হত্যাৰ পিছত আৰক্ষী থানালৈ গৈ আত্মসমৰ্পণ কৰিছে যুৱকজনে।

জানিব পৰা মতে, অভিযুক্ত আৰু ভুক্তভোগী দুয়োজনেই আছিল মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ।

এই তথ্য লাভ কৰাৰ লগে লগে ফৰেনছিক বিজ্ঞান আৰু আঙুলিৰ ছাপ বিশেষজ্ঞৰ সৈতে আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে মহিলাগৰাকীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহৰ মূৰ আৰু ডিঙিত ছুৰীৰে আঘাত কৰা ঘাঁ। আঘাতৰ সবিশেষ জানিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে।

অভিযুক্তই আৰক্ষীক জনোৱা মতে, শেহতীয়াকৈ তেওঁ প্ৰেমিকাক লগ কৰিবলৈ গুৰুগ্ৰামলৈ আহিছিল। ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত তেওঁৰ বিৰুদ্ধে প্ৰেমিকাই ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল।  যাৰ ফলত তেওঁলোকৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু ছুৰীৰে আঘাত কৰে।