NORTHEAST NOW (Assamese)

শিৱসাগৰত সম্প্ৰীতিৰ অপূর্ব নিদৰ্শন; মছজিদ মুকলি অনুষ্ঠানত নামঘৰীয়া, শংকৰ সংঘৰ বিষয়ববীয়া

October 17, 2021 5:21 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নর্থইষ্ট নাও।

শিৱসাগৰত এটা অঞ্চলৰ ৰাইজে দেখুৱালে সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন।মছজিদ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সমাজৰ বিভিন্ন জনে।

শিৱসাগৰ নগৰৰ সমীপৰ ঘিলাগুৰিৰ ইছলাম ধৰ্মী লোকসকলে নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে এটি আটক ধুনীয়া মছজিদ।

দেওবাৰে মছজিদ মুকলি অনুষ্ঠানত দেখা গ’ল এক অনন্য দৃশ্য।

আজান ফকিৰ চাহাবৰ দ্বাৰা ৰচিত “হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত ভেদ-ভাৱ নাই” জিকিৰ ফাকিয়ে যেন আকৌ এবাৰ প্ৰাণ পাই উঠিল শিৱসাগৰত।

ঘিলাগুৰিৰ মছজিদৰ শুভ উদ্বোধন অনুষ্ঠানত হিন্দু মুছলমান সকলোৱে অংশগ্ৰহণ কৰি এক ধৰ্মীয় মিলাপ্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে।

দেশৰ অন্য স্থানত ধৰ্মৰ নামত এক বিশৃংখল পৰিবেশ সৃষ্টি হোৱা দেখা পোৱাৰ পৰিৱৰ্তে শিৱসাগৰত দেখা পোৱা গ’ল ঐক্য-সম্প্ৰীতিৰ এই জীয়া ছবি।

উদ্বোধন কাৰ্য্যসূচীত উপস্থিত থাকে নামঘৰীয়া, শংকৰ সংঘৰ বিষয়ববীয়াৰ লগতে গাঁওবুঢ়া আৰু দল-সংগঠনৰ বিভিন্ন বিষয়ববীয়া।

শিৱসাগৰ সম্প্ৰীতিৰ পীঠস্থান। এই কথা আজিৰ জটিল পৰিস্থিতিত পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে শিৱসাগৰৰ ঘিলাগুৰিৰ এই সকল সমাজ সচেতন ব্যক্তিয়ে। 

Related News