NORTHEAST NOW (Assamese)

দিল্লীত এ আই সন্মিলনত অৰ্ধনগ্ন প্ৰতিবাদ, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিব, সতীৰ্থৰ কাষত থিয় দিলে ৰাহুল গান্ধীয়ে

February 24, 2026 5:19 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এ আই সন্মিলনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। সন্মিলন চলি থকাৰ মাজতে যুৱ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে অৰ্ধনগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাই এতিয়া দেশজুৰি তোলপাৰ লগাইছে। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি উদয় ভানু চিবক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, এই প্ৰতিবাদৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে ৭ জন লোকক আৰক্ষীয়ে আটক কৰিছিল। উদয়ক জেৰা কৰিবলৈ থানালৈ মতা হৈছিল আৰু প্ৰায় ১৫ ঘণ্টা ধৰি চলা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে, তদন্তৰ সময়ত তেওঁ সহযোগিতা কৰা নাছিল আৰু তথ্য লুকুৱাই তদন্তকাৰী দলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল।

এই গ্ৰেপ্তাৰৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। তেওঁ এই কাৰ্যক চৰকাৰৰ স্বৈৰাচাৰী মনোভাৱ বুলি অভিহিত কৰিছে। ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰিছে যে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটো প্ৰতিজন ভাৰতীয়ৰে গণতান্ত্ৰিক অধিকাৰ। তেওঁ উদয় ভানু চিবক বাব্বৰ শ্বেৰ বুলি সম্বোধন কৰি কয় যে যিসকলে সত্যৰ বাবে যুঁজ দিয়ে তেওঁলোকক চৰকাৰে ভয় খুৱাব নোৱাৰে। যুৱ কংগ্ৰেছৰ সদস্যসকলে নিৰ্ভয়ে দেশৰ স্বাৰ্থত মাত মাতিছে বুলি তেওঁ গৌৰৱ প্ৰকাশ কৰে। ৰাহুলে স্পষ্ট কৰি দিয়ে যে তেওঁ সদায় নিজৰ সাহসী সতীৰ্থসকলৰ কাষত থিয় দিব।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰতিবাদৰ ধৰণক লৈ তীব্ৰ কটাক্ষ কৰিছে। তেওঁ প্ৰতিবাদকাৰীসকলক সমালোচনা কৰি কয় যে এনেদৰে বিদেশী অতিথিৰ সন্মুখত কাপোৰ খুলি প্ৰতিবাদ কৰাৰ কোনো প্ৰয়োজন নাছিল। উল্লেখ্য যে এই এ আই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু চেটজিপিটিৰ প্ৰতিষ্ঠাপক ছেম আল্টমেনৰ দৰে বিশ্বৰ বহুতো প্ৰভাৱশালী ব্যক্তি উপস্থিত আছিল। এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত টি-চাৰ্ট খুলি কৰা প্ৰতিবাদে উপস্থিত ৰাইজৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ বাবে প্ৰতিবাদকাৰীৰ সৈতে একাংশ লোকৰ বাক-বিতণ্ডাও হৈছিল।

দিল্লী আৰক্ষীয়ে আদালতত দাবী কৰিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে। নেপালৰ জেন জি আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই প্ৰতিবাদৰ পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। এই সন্দৰ্ভত অধিক ডিজিটেল প্ৰমাণ সংগ্ৰহ কৰাৰ প্ৰয়োজন আছে বুলিও তদন্তকাৰীয়ে জনাইছে। ইফালে, বিৰোধী মিত্ৰজোঁটৰ একাংশ দলেও যুৱ কংগ্ৰেছৰ এই কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, বিদেশী অতিথিৰ সন্মুখত এনেধৰণৰ প্ৰতিবাদে দেশৰ ভাবমূৰ্তি ক্ষুন্ন কৰিছে আৰু এয়া দেশৰ বাবে অতি অপমানজনক বিষয় হৈ পৰিছে।

Related News