NORTHEAST NOW (Assamese)

গুৱাহাটীত আৰু কিমান দিন লকডাউন বৃদ্ধিৰ ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

July 11, 2020 5:23 pm · কল্পজ্যোতি শইকীয়া
Updated: July 11, 2020 5:27 pm

গুৱাহাটীত লকডাউন চলি আছে যদিও কমা নাই গণ সংক্ৰমণৰ ঘটনা।

দৈনিক গড়ে তিনি-চাৰি শতাধিক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আছে।

সেয়েহে গুৱাহাটীত আৰু এসপ্তাহ লকডাউন বৃদ্ধি কৰিবৰ বাবে অসমৰ মুখ্য সচিবক পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে।

দিছপুৰ জনতা ভৱনত এক সংবাদমেল যোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালি গুৱাহাটীৰ নাগৰিক সমিতি স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ মাজত হোৱা আলোচনাত নাগৰিক সমিতিসমূহে দুসপ্তাহ লকডাউন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল।

কিন্তু প্ৰথম পৰ্যায়ৰ লকডাউনত ৩০ শতাংশৰ পৰা ২১ শতাংশলৈ আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাত এক সপ্তাহৰ বাবে লকডাউন দিবলৈ অসমৰ মুখ্য সচিবলৈ অনুৰোধ জনাইছে স্বাস্থ্য বিভাগে।

কালি আৰু পৰহি ২১ শতাংশৰ পৰা ১৬ শতাংশলৈ আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

ইপিনে, গুৱাহাটীত ১০ লাখ লোকৰ ভিতৰত ১ লাখ লোকৰ স্বাৱ সংগ্ৰহ কৰা হ’ল। অৰ্থাৎ ১০ শতাংশ লোকৰ স্বাৱ সংগ্ৰহ হ’ল কামৰূপ মহানগৰ জিলাত।

ইয়াৰে বৰ্তমান ২১৫৬ গৰাকী লোক সক্ৰিয় ক’ৰ’ণা ৰোগী বুলি হিমন্তই জনায়।

Related News