NORTHEAST NOW (Assamese)

‘বুলডজাৰ ন্যায় মানি ল’ব নোৱাৰি’, নিজৰ অন্তিম ৰায়ত ক’লে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে

November 10, 2024 11:22 am · এন ই নাও নিউজ, গুৱাহাটী
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ৰায় দি কয় যে ‘বুলডজাৰ জাষ্টিচ’ একেবাৰেই গ্ৰহণযোগ্য নহয়।

যোৱা শুকুৰবাৰটো আছিল তেওঁৰ শেষ কৰ্মদিন। আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ কাৰ্যকাল ১০ নৱেম্বৰত শেষ হ’ব। অৱশ্যে আগত শনিবাৰ আৰু দেওবাৰ থকাৰ বাবে ৮ তাৰিখেই মুখ্য ন্যায়াধীশগৰাকীক বিদায় সম্বৰ্ধনা দিয়া হয়।

ইপিনে, বিদায়ৰ পূৰ্বে তেওঁৰ শেষ ৰায়দানটো আছিল যে সা-সম্পত্তি ধ্বংস কৰাৰ ভাবুকি দি ৰাইজৰ মত দমন কৰিব পৰা নাযায়। তেওঁ কয়, ‘বুলডজাৰ জাষ্টিচ’ একেবাৰেই গ্ৰহণযোগ্য নহয়।

উল্লেখ্য যে বুলডজাৰ নীতিৰ জন্ম উত্তৰ প্ৰদেশত। পৰৱৰ্তী সময়ত মধ্যপ্ৰদেশ, ৰাজস্থান, দিল্লী, অসমকে ধৰি বিভিন্ন ৰাজ্যত অভিযুক্তৰ ঘৰ বুলডজাৰৰ দ্বাৰা ভাঙি পেলোৱা ধাৰাটোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হয়।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে অভিযুক্তই হওক বা দোষীয়েই হওক  বুলডজাৰেৰে ঘৰ ভাঙি দিব নোৱাৰে। তথাপি এই প্ৰৱণতা কমি যোৱা নাই। কৰ্মজীৱনৰ অন্তিম দিনকেইটাত চন্দ্ৰচূড়ে এই সন্দৰ্ভত কয়, “কোনো সভ্য দেশৰ ন্যায়িক ব্যৱস্থাত বুলডজাৰৰ সহায়ত ন্যায়বিচাৰৰ কথা জনা নাযায়। যদি এনে অনৈতিক আৰু অবৈধ কাৰ্যকলাপৰ কোনো ৰাজ্য চৰকাৰৰ বিষয়া বা প্ৰতিষ্ঠানে অনুমতি দিয়ে, তেন্তে স্বীকাৰ কৰিব লাগিব যে ই অতি ভয়ংকৰ বিষয়।”

একে সময়তে তেওঁ কয়, “সম্পত্তি ধ্বংস কৰি ৰাইজৰ কণ্ঠ দমন কৰিব নোৱাৰি। গৃহৰ নিৰাপত্তা মানুহৰ মৌলিক অধিকাৰ। ৰাষ্ট্ৰইও এনে নিয়ম মানি চলিব লাগিব।” আনকি কোনো ধৰণৰ অবৈধ নিৰ্মাণ বা ভূমি দখলৰ ক্ষেত্ৰতো কিছুমান পদ্ধতি মানি চলিবলৈ তেওঁ নিৰ্দেশ দিয়ে। 

Related News