NORTHEAST NOW (Assamese)

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

July 3, 2025 12:53 pm · এন ই নাও নিউজ, গুৱাহাটী

পংকজ পাঠকৰ অনুষ্ঠানত পুনৰ সংঘটিত হ’ল অঘটন।

আধাতে বাতিল পংকজ পাঠকৰ কোকৰাঝাৰৰ অনুষ্ঠান।

অনুমতি নোলোৱাকৈ পংকজ পাঠকে কোকৰাঝাৰত অনুষ্ঠিত কৰিছিল তপাৰ মূৰত চুলি গজোৱা শিৱিৰ।

যাৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে আহি বাতিল কৰিলে অনুষ্ঠান।

জানিব পৰা অনুসৰি পংকজ পাঠকে অনুমতি বিচাৰিছিল যদিও লাভ কৰা নাছিল অনুমতি।

বুধবাৰেও গোৱালপাৰত পংকজ পাঠকৰ শিৱিৰত ঘটিছিল অঘটন।

গোৱালপাৰাত পংকজ পাঠকৰ শিৱিৰত হৈছিল মাৰপিট।

পৰৱৰ্তী সময়ত কাণত ধৰি ক্ষমা খুজিছিল আচাৰ্য পংকজ পাঠকে।

Related News