NORTHEAST NOW (Assamese)

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

June 6, 2025 3:05 pm · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰৰ সীতামড়ীৰ মাল্লাহী গাঁৱৰ পৰা পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ছবি। দোকানৰ পৰা চকলেট লৈ যোৱাৰ অভিযোগত পাঁচজন লৰাক ৰছীৰে বান্ধি উদং শৰীৰত জোতাৰ ফিতা বান্ধি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, বজাৰৰ এখন দোকানৰ পৰা পাঁচজন লৰাই নোসোধাকৈয়ে চকলেট লৈছিল। এই সময়তে দোকানৰ মালিকে পাঁচজন ল’ৰাক ধৰিলে। ইয়াৰ পাছত পাঁচজন লৰাক একাধিক ধৰণে হাৰাশাস্তি কৰা হয়। ভুল স্বীকাৰ কৰিলেও তেওঁলোকক ৰেহাই দিয়া নহল। মুখত চকৰ চিন আৰু জোতাৰ মালা লৈ বজাৰত পেৰেড কৰি থাকে। আনকি তেওঁলোকৰ বিৰুদ্ধে ‘চোৰ বুলিও অভিযোগ উত্থাপন হৈছে।

ইফালে দোকানৰ মালিকে সমগ্ৰ ঘটনাৰ ভিডিঅ ৰেকৰ্ডিং কৰে। পিছত ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হয়। ভিডিঅটোত পাঁচটা লৰাই হাতত লাঠি লৈ কেমেৰাৰ সন্মুখত পিতৃৰ নাম কবলৈ বাধ্য হৈছে। ঠিক তেতিয়াই এজন ল‘ৰাই কোৱা শুনা যায়, “আমি মাত্ৰ এটা চকলেটহে লৈছিলো। আমি চুৰি কৰা নাছিলো।” অৱশ্যে লৰাজনে স্বীকাৰোক্তি দিয়াৰ পাছতো দোকানৰ মালিকে পাঁচজন লোকক মুকলি কৰি নিদিলে।

ইফালে এই ঘটনাৰ ভিডিঅ ভাইৰেল হোৱাৰ লগে লগে সকলোৱে গৰিহণা দিয়ে। ইফালে ভাইৰেল ভিডিঅটো চাই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। জানিব পৰা মতে, এই ঘটনাত এতিয়ালৈকে অভিযুক্ত দোকানৰ মালিককে ধৰি আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Related News