NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বিশাল চাংমাইৰ সাফল্য; বিশ্ব ৰেংকিং আৰ্চাৰীত আজুৰিলে ব্ৰঞ্জৰ পদক

February 25, 2019 8:27 pm
Bishal Changmai

বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত চলি থকা আন্তর্জাতিক বিশ্ব ৰেংকিং আর্চাৰী প্রতিযোগিতাত ভাৰতৰ ৰিকাৰ্ভ দলত স্থান লাভ কৰা বোকাখাতৰ বিশাল চাংমায়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত বিশাল চাংমায়ে ভাৰতীয় দলৰ হৈ ৰিকাৰ্ভ টিম ইভেণ্টত অংশ লৈ আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক ৰাউণ্ডত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

২২ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন অহা ২৭ ফেব্ৰুৱাৰিত অন্ত পৰিব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ আৰু কেইবাটাও ইভেন্টত খেলুৱৈগৰাকীয়ে অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বোকাখাতৰ মিলন পুৰৰ নিৱাসী শান্তনু চাংমাই আৰু মমী চাংমাইৰ সুযোগ্য সন্তান বিশাল চাংমাই আর্মি স্প’ৰ্টছ ইনষ্টিটিউট (এ এছ আই) পুনেৰ প্ৰশিক্ষাৰ্থী আৰু ভাৰতীয় দলত স্থান লাভ কৰা বোকাখাতৰ একমাত্ৰ খেলুৱৈ।

বিশালৰ এই চমকপ্ৰদ প্ৰদৰ্শনত ঢাকাত থকা ভাৰতীয় দলটোৰ প্রশিক্ষক সোমেশ ৰয়েও সন্তোষ প্ৰকাশ কৰে৷