NORTHEAST NOW (Assamese)

ইউ এছ অ’পেন: অপূৰ্ণ হৈ ৰ’ল জক’ভিচৰ ঐতিহাসিক জয়ৰ স্বপ্ন; প্ৰথম গ্ৰেণ্ডশ্লাম জয় মেডভেদেভৰ

September 13, 2021 9:40 am · এন ই নাও নিউজ
ইউ এছ অ'পেন খিতাপ বিজয়ী ডেনিল মেডভেদেভ।

ইউ এছ অ’পেনৰ পুৰুষৰ ফাইনেলতো ঘটিল অঘটন। দেওবাৰে ফাইনেলত মুখামুখি হৈছিল নোভাক জক’ভিচ আৰু ডেনিল মেডভেদেভ।

জক’ভিচৰ বাবে ঐতিহাসিক ২১তম গ্ৰেণ্ডশ্লাম জয়ৰ স্বপ্নৰ বিপৰীতে মেডভেদেভৰ বাবে আছিল প্ৰথম গ্ৰেণ্ডশ্লাম জয়ৰ তাড়না।

কিন্তু অঘটন ঘটাই বিশ্বৰ এক নম্বৰ তাৰকা জক’ভিচক ষ্ট্ৰেইট ছেটত পৰাজিত কৰি খিতাপ দখল কৰিলে মেডভেডেভে।

ইউ এছ অ’পেনতে প্ৰতিবাৰেই প্ৰথম ছেটত হাৰিও মেচ জিকিছিল জক’ভিচে। সেয়ে প্ৰথম ছেট মেডভেদেভে ৬-৪ব্যৱধানত জয়ী হোৱাৰ পাছতো আশা হেৰুওৱা নাছিল জক’ভিচৰ সমৰ্থকসকলে।

টুৰ্নামেন্টৰ ধাৰা অব্যাহত ৰখাত ব্যৰ্থ হয় অভিলেখ সংখ্যক গ্ৰেণ্ডশ্লাম বিজয়ী চাৰ্বিয়ান খেলুৱৈগৰাকীয়ে। দ্বিতীয় ছেটতো জক’ভিচৰ চাৰ্ভ ব্ৰেক কৰি বিশ্বৰ দুই নম্বৰ তাৰকা মেডভেদেভে ৬-৪ ব্যৱধানত বিজয় সাৱ্যস্ত কৰে।

আৰু পঢ়ক: টেনিছৰ নতুন চাঞ্চল্য! মাজনিশা ইতিহাস ৰচি ইউ এছ অ’পেনৰ খিতাপ জয় ব্ৰিটিছ তৰুণী এমা ৰাডুকানুৰ

গোটেই খেলখনত মেডভেদেভ আছিল আক্ৰমণাত্মক আৰু ছন্দশীল। এসময়ত তৃতীয় ছেটতো ৫-১ব্যৱধানত আগবাঢ়ি গৈছিল মেডভেদেভ। কিন্তু চাৰ্ব ব্ৰেক কৰি মেচলৈ প্ৰত্যাৱৰ্তন কৰে জক’ভিচে। সেয়াই নহয় দুবাৰকৈ পইন্ট লাভ কৰি ব্যৱধান ৫-৪ কৰি পেলায়। কিন্তু সেয়া যথেষ্ট নাছিল।

পঁচিশ বছৰীয়া ৰাছিয়ান খেলুৱৈগৰাকীয়ে নিজৰ প্ৰথম গ্ৰেণ্ডশ্লাম জয় কৰে পোনপটীয়া ৬-৪,৬-৪, ৬-৪ছেটত। এইদৰে মাৰাট ছাফিনৰ ২১বছৰ পাছত প্ৰথমগৰাকী ৰাছিয়ান পুৰুষ হিচাপে ইউ এছ অ’পেন জয় কৰে মেডভেডেভে।

Related News