NORTHEAST NOW (Assamese)

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বামুনজুলিত বনৰীয়া হাতীৰ মৃত্যু

October 15, 2020 2:06 pm · চাজিদ খান
ফটো : নৰ্থ-ইষ্ট নাও

ওদালগুৰি জিলাৰ ভাৰত-ভূটীন সীমান্তৰ ২ নং বামুনজুলি গাঁৱত এটি বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ মাজৰ পৰা হাতীটো ফালৰি কাটি অহা বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে। এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

‘গাঁওবাসীয়ে হাতীটোৰ মৃতদেহ আজি ৰাতিপুৱা প্ৰত্যক্ষ কৰাত আমাক খবৰ দিয়ে। ঘটনাস্থলত আমি উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰো’, এগৰাকী বন বিষয়াই এই কথা জানিবলৈ দিয়ে।

ঘটনা সংঘটিত হোৱা অঞ্চলটো ওদালগুৰি জিলাৰ সদৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত বৰনদী বণ্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰত।

উল্লেখ্য যে বনৰীয়া হাতীৰ জাকে বিগত বছৰ সমূহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত–ভূটান সীমান্তৰ গ্ৰাম্যঞ্চলৰ লোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

তথ্য অনুসৰি চলিত বছৰত ওদালগুৰি জিলাত হাতীৰ আক্ৰমণত ১৫ গৰাকী লোক আৰু ৪টা বনৰীয়া হাতীৰ মৃত্যু হৈছে।

Related News