NORTHEAST NOW (Assamese)

ক্ৰমাৎ বৃদ্ধি পাইছে ভূটানৰ পৰা বৈ অহা নৈৰ জলপৃষ্ঠ; চিন্তিত নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ

May 22, 2020 6:36 pm · দীপক কুমাৰ পাঠক

দেশত এতিয়া কোভিড-১৯ৰ বিভীষিকাময় পৰিৱেশৰ লগতে আমফা’নৰ সন্ত্ৰাস চলিছে। ইয়াৰ মাজতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বিগত দুই-তিনিদিন ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত নৈসমূহ ক্ৰমাৎ উফন্দী উঠিবলৈ ধৰিছে।

ভূটানৰ পৰা বৈ অহা বৰলীয়া, পুঠিমাৰী, বাল্টি, মটঙা নৈৰ পানী বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়াবাসী গাঁও সমূহৰ ৰাইজ।

বিগত বছৰ সমূহত প্ৰবল গৰাখহনীয়া আৰু নৈৰ জলস্তৰ বৃদ্ধি পোৱাত বহু কেইজন লোকক নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল। বহু পশুধনো মৃত্যু মুখত পৰিছিল। গৃহহাৰা হ’ব লগা হৈছিল নৈ পৰীয়া কেইখন গাঁৱৰ কেইবাটাও পৰিয়াল।

যোৱা দিন কেইটাত পুনৰ নেৰা নেপেৰা বৰষুণ আহি থকাৰ ফলত নৈ সমূহৰ জলপৃষ্ঠা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে কাউলী, গুৱাবাৰী, নাগ্ৰীজুলি, নাৰায়ণপুৰ, গণেশপুৰ, সিদ্ধিনাথপুৰ, সাহপুৰ, ভালুকমাৰী, ঘিলাঝাৰকে ধৰি বহু কেইখন গাঁৱৰ লোক।

নৈ সমূহৰ বাবে পূৰ্বৰ গৰাখহনীয়া অঞ্চলসমূহত পুনৰ  সৃষ্টি হৈছে ভাবুকিৰ। যাৰ বাবে বাৰিষাৰ এই সময়ছোৱাত চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ।

বিগত বছৰ সমূহত নদী সমূহে প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে যদিও ইয়াৰ কোনো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। অনতি পলমে গৰাখহানিয়া প্ৰতিৰোধ ব্যৱস্থা কৰাৰ বাবে স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Related News