NORTHEAST NOW (Assamese)

কয়লা ব্যৱসায়ী পংকজ চৌধুৰীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান : আপত্তিজনক বহু নথিপত্ৰ জব্দ

December 5, 2020 9:01 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটাৰ প্ৰতিষ্ঠিত চাহ আৰু কয়লা ব্যৱসায়ী পংকজ চৌধুৰীৰ মাৰ্ঘেৰিটা মিছন ৰোড তিনিআলিতস্থিত বাসগৃহত ৪ ডিচেম্বৰ পুৱা ৯ বজাৰ পৰা পুৱতি নিশা প্ৰায় ২ বজালৈকে আয়কৰ বিভাগে অভিযন চলায়।

অভিযানৰ অন্তত কি কি জব্দ কৰিলে সেয়া অভিযানকাৰী দলটোৱে সংবাদিকৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰা বুলি ধাৰণা কৰা হৈছে।

ইফালে চৌধুৰীৰ পৰিয়ালৰ কোনো ব্যক্তি ও সংবাদমাধ্যমৰ সন্মুখলৈ নাহিল। অভিযানকাৰী দলটোক বাৰম্বাৰ প্ৰশ্ন কৰা হৈছিল যে চৌধুৰীৰ বাসগৃহ আৰু বাসগৃহ সংগলগ্ন কাৰ্যালয়ৰ পৰা কি কি জব্দ কৰিলে বা কি তথ্যৰ ভিত্তিত বিভাগে এই অভিযান চলাইছিল।

লগত অহা অসম আৰক্ষীৰ এজন বিষয়াই অনানুষ্ঠানিকভাৱে কয় যে এয়া আয়কৰ বিভাগৰ তালাচী। দিল্লী পৰা অহা এই দলটোৰ লগত ডিব্ৰুগড় পৰা অহা এজন পুৰুষ আৰু এগৰাকী মহিলা বিষয়া আছে বুলি জানিবলৈ দি আৰক্ষীয়ে লগত কয় যে বাকী কেইবাজনো অনা অসমীয়া বিষয়া দলটোত আছে।

উল্লেখ্য যে পংকজ চৌধুৰী মাৰ্ঘেৰিটাৰ বৰগোলাই নিবেদিতা চাহ ফেক্টৰীৰ স্বত্বাধিকাৰ আৰু কয়লাৰ ব্যৱসায়ৰ লগত জড়িত বুলি জানিব পৰা গৈছে যদিও বিভিন্ন স্থানত বহু সম্পত্তি আছে বুলি এক নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ।

বিশেষকৈ আয়কৰ বিসংগতিৰ সন্দেহতে এই অভিযান চলিছিল বুলি সন্দেহ কৰা হৈছে। এটা সূত্ৰই জানিবলৈ দিয়ামতে মাৰ্ঘেৰিটা লিডুৰ বহু চৰ্চিত কয়লাৰ বেহাৰ সৈতে এই পঙ্কজ চৌধুৰী জড়িত বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, প্ৰায় বিশ বছৰ পূৰ্বে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ পৰা লোৱা কয়লাৰ কৰ ফাঁ‌কিৰে অবৈধভাৱে সৰবৰাহ কৰা লবীৰ সৈতে চৌধুৰীৰ নাম সাঙোৰ খাই পৰিছিল বুলি সূত্ৰত প্ৰকাশ।

তদানীন্তন কংগ্ৰেছৰ শাসনাধিস্থ চৰকাৰখনে সেই সময়ত সকলো গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছিল বুলি চৰ্চা চলিছে।

কিন্তু ২০২১ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে ব্যৱসায়ীৰ ঘৰত কিয় আয়কৰ বিভাগে অভিযান চলালে তাকে লৈ এতিয়া সমগ্ৰ তিনিচুকীয়া জিলাখনতে সৰৱ চৰ্চা চলিছে।

কালিৰ এই অভিযানকাৰী দলটোৱে আভিযান কালত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে কম্পিউটাৰৰ, লেপটপৰ তথ্যও পৰীক্ষা কৰিছিল বুলি জানিব পৰা গৈছে।

অভিযান সম্পূৰ্ণ কৰি পুৱতি নিশা অভিযানকাৰী দলটোৱে বাসগৃহ আৰু কাৰ্যালয়ৰৰ পৰা বাহিৰ হোৱাৰ সময়ত বহুকেইটা খাকি ৰঙৰ কাৰ্টুনৰ বাকচত বিভিন্ন নথিপত্ৰ জব্দ কৰি লগত লৈ যোৱা বুলি জানিব পৰা গৈছে।

এই অভিযানে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ উজনিৰ কয়লা ব্যৱসায়ীৰ লগত জড়িত ব্যক্তিসকলক এই অভিযানে সন্ত্ৰস্ত কৰিছে বুলি বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।

Related News