NORTHEAST NOW (Assamese)

লোহিয়া গ্রুপৰ কাৰ্য্যালয় আৰু স্বত্বাধিকাৰী কৈলাশ লোহিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

November 16, 2021 1:23 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

আজি পুৱা প্ৰায় ১০:৩০ বজাৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত আয়কৰ বিভাগৰ দলে অভিযান চলায়।

মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ লোহিয়া গ্রুপৰ কাৰ্য্যালয়, ফাঁচী বজাৰৰ কাৰ্য্যালয় আৰু আঠগাঁওস্থিত কৈলাশ লোহিয়াৰ বাসগৃহত পৃথকে পৃথকে অভিযান চলায় আয়কৰ বিভাগে।

কৈলাশ লোহিয়া আৰু লোহিয়া গ্রুপৰ বিৰুদ্ধে বিভিন্ন সময়ত বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ আছে।

সেয়েহে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে।

কলকাতাৰ পৰা অহা আয়কৰ বিভাগৰ দলে চলাইছে এই অভিযান।

Related News