NORTHEAST NOW (Assamese)

আয় কৰ ফাঁকি! কোটিপতি ইউটিউবাৰক গ্ৰেপ্তাৰ

July 19, 2023 11:00 am · এন ই নাও নিউজ, গুৱাহাটী

এজন ইউটিউবাৰৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে। ১ কোটি টকা উপাৰ্জন কৰাৰ পিছতো আয়কৰ কৰ্তৃপক্ষই কৰ আদায় নিদিয়াৰ অভিযোগত এজন ইউটিউবাৰৰ বাসগৃহত অভিযান চলাই আৰু জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে ইউটিউবাৰগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে।

যোৱা সোমবাৰে পোহৰলৈ আহে ইউটিউবাৰৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ। অভিযুক্ত ইউটিউবাৰজন হৈছে তাছলিম। তেওঁ ঘৰ উত্তৰ প্ৰদেশৰ বাৰেলীত। তেওঁ ‘ট্ৰেডিং হাব ৩.০’ নামৰ এটা ইউটিউব চেনেল চলাই আহিছে। তাছলিমে আগতে শ্বেয়াৰ বজাৰৰ লগত জড়িত ভিডিঅ’ নিৰ্মাণ কৰিছিল। ইউটিউবৰ তেওঁৰ এই চেনেলটো অতি জনপ্ৰিয়।

যদিও বাৰেলীৰ ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে আয়কৰ কৰ্তৃপক্ষই কৰ ফাঁকিৰ অভিযোগ উত্থাপন কৰিছে কিন্তু পৰিয়ালৰ লোকে অভিযোগ অস্বীকাৰ কৰিছে। তাছলিমৰ ভাতৃ ফিৰোজে কয় যে তেওঁৰ ভাতৃয়ে ইউটিউব চেনেলটো চলাই বছৰি প্ৰায় ১.২ কোটি টকা উপাৰ্জন কৰে। ভাতৃৰ মতে, ইউটিউবাৰগৰাকীয়ে এই আয়ৰ বাবে ২৪ লাখ টকাৰ কৰ জমা দিছিল।

ফিৰোজে লগতে কয় যে তেওঁৰ ভাতৃক ইউটিউব চেনেলটো অবৈধভাৱে চলোৱা নাছিল। ইয়াৰ আঁৰত সুপৰিকল্পিত ষড়যন্ত্ৰ আছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত দাবী কৰে। তাছলিমৰ মাতৃয়েও দাবী কৰে যে তেওঁৰ পুত্ৰক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰা চেনেল ক্ৰিয়েটৰসকলে তেওঁলোকৰ আয়ৰ সমানুপাতিক কৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে কেন্দ্ৰই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে আয়কৰ বিভাগে কৰ ফাঁকিৰ অভিযোগত কেইবাজনো ছ’চিয়েল মিডিয়া প্ৰভাৱশালী, ইউটিউব আৰু ইনষ্টাগ্ৰাম চেনেল সৃষ্টিকৰ্তাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

তাৰ প্ৰতি লক্ষ্য ৰাখি আয়কৰ বিভাগে তাছলিম নামৰ ইউটিউবাৰজনৰ ঘৰত অভিযান চলাইছিল বুলি ধাৰণা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁৰ ঘৰৰ পৰা নগদ কেইবা লাখ টকাও উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

আয়কৰ বিভাগৰ উদ্ধৃতি দি এটা সংবাদ মাধ্যমে তেওঁলোকৰ প্ৰতিবেদনত কয় যে বহু ছ’চিয়েল মিডিয়া চেনেল সৃষ্টিকৰ্তাই আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নাই। আয়কৰ বিভাগৰ মতে ইয়াৰ আঁৰৰ মূল কাৰণ হ’ল চেনেল প্ৰযোজকসকলৰ কৰ সম্পৰ্কে অজ্ঞানতা।

ইফালে ব্লগাৰৰ ওপৰত কৰ আৰোপ কৰা বিষয়টো বিশেষজ্ঞৰ মাজতো দুটা ফৈদৰ সৃষ্টি হৈছে। বিশেষজ্ঞৰ এটা দলে কয় যে বাৰ্ষিক এক কোটি টকা উপাৰ্জন কৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা চেনেল সৃষ্টিকৰ্তাসকলকহে কৰ আৰোপ কৰিব লাগে। পেছাৰ উপৰিও চেনেল নিৰ্মাণ কৰাসকলক স্লেব অনুসৰি কৰ আৰোপ কৰিবলৈ আহ্বান দিছে একাংশ বিশেষজ্ঞই।

Related News