NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ যুৱ আৰক্ষী বিষয়া অনুপম গোৱালালৈ ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 15, 2020 8:11 pm
Independence Day: President's Police Medal for Gallantry to Bokakhat's Anupam Gowala

বোকাখাতৰ যুৱক তথা ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালালৈ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা আগবঢ়োৱা হৈছে৷

২০১২ চনত অসম আৰক্ষীত যোগদান কৰা অনুপম গোৱালাই বিগত সময়চোৱাত উজনি অসমৰ বৰডুমচা, বৰডুবি, টেঙাখাট আদিত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি সম্প্ৰতি গাভৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাবে কৰ্মৰত৷

এজন সৎ আৰু নিষ্ঠাৱান আৰক্ষী বিষয়া হিচাবে অনুপম গোৱালা জনপ্ৰিয়৷ নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ বাবে সেৱা আগবঢ়োৱাৰ বাবেই অনুপম গোৱালা ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷

বোকাখাতৰ জ্যোতিপুৰ গাওঁৰ কৃষক ধনীৰাম গোৱালা আৰু হেমন্তী গোৱালাৰ পুত্ৰ অনুপম গোৱালাই বোকাখাত টাউন হাইস্কুল আৰু জ্যোতি বিদ্যাপীঠৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰি বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয় পৰা বানিজ্যত স্নাতক হৈ টোকলাই চাহ গৱেষণাগাৰত চাহ পৰিচালনাৰ প্ৰশিক্ষণ লৈছিল৷

পিছত অসম আৰক্ষীৰ সহ পৰিদৰ্শকৰ পদৰ বাবে নিৰ্বাচিত হৈ আৰক্ষীত যোগদান কৰে৷

সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতি বঁটাৰ বাবে নিৰ্বাচিত হোৱা অনুপম গোৱালা বোকাখাতৰ প্ৰথমজন যুৱক৷

ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটাৰ বাবে অনুপম গোৱালা নিৰ্বাচিত হোৱাৰ খবৰে এতিয়া সমগ্ৰ বোকাখাতকে আনন্দময় কৰি তুলিছে৷

স্বাধীনতা দিৱসৰ পুৱাতে আজি বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু বোকাখাত প্ৰেছ ক্লাবৰ তৰফৰ পৰা অনুপমৰ এই সাফল্যৰ বাবে অনুপমৰ পিতৃ-মাতৃক নিজ বাসগৃহতে শুভেচ্ছা প্ৰদান কৰা হয়৷

বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীতো অনুপম গোৱালালৈ শুভেচ্ছা জনোৱা হয়।