NORTHEAST NOW (Assamese)

ওমানক হৰুৱালে, যুৱ এছিয়া কাপৰ ছেমি ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতে

October 24, 2024 8:46 am · এন ই নাও নিউজ, গুৱাহাটী

ওমানক পৰাস্ত কৰি ইমাৰ্জিং এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। ২৫ অক্টোবৰত ছেমি ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী আফগানিস্তান।

যুৱ এছিয়া কাপত পুনৰ সফলতা লাভ কৰিবলৈ ওলাইছে ভাৰতে। বুধবাৰে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ওমানক ৬ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে তিলক ভাৰ্মাৰ নেতৃত্বত ভাৰতে।

প্ৰথমে বেটিং কৰি ওমানে ২০ অভাৰত ৫ উইকেটত ১৪০ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াই ১৫.২ অভাৰতে ১৪৬ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে। খেলখনত ভাৰতে ৬ উইকেটত জয়লাভ কৰে। ভাৰতৰ হৈ আয়ুষ বদোনিয়ে সৰ্বাধিক ৫১ ৰাণ সংগ্ৰহ কৰে।

ইমাৰ্জিং এছিয়া কাপত কোনো ছিনিয়ৰ খেলুৱৈ ভাৰতীয় দল নাই। ভাৰত ‘এ’ দলৰ সদস্যসকলে তাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। যদিও অধিনায়কৰ দায়িত্বত আছে তিলক ভাৰ্মা।

বুধবাৰে ওমানৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ সফল বলাৰ ৰমনদীপ সিঙে খেলখনত ২ ৰানত ১ টা উইকেট দখল কৰিছে। ইয়াৰ উপৰিও আকিব খান, ৰশিখ চালাম, নিশান্ত সিন্ধু, সাই কিশোৰে ১টাকৈ উইকেট দখল কৰে।

ওমানে দিয়া ১৪১ ৰানৰ লক্ষ্যৰ বিৰুদ্ধে বেটিং কৰিবলৈ নামি ৮ ৰান কৰিয়েই পেভিলিয়নলৈ উভতিবলগীয়া হয় অনুজ ৰাৱট। অৱশ্যে অ’পেনাৰ অভিষেক শৰ্মা আৰু অধিনায়ক তিলক ভাৰ্মাই টীম ইণ্ডিয়াক খেলখনত জয়ী কৰায়। খেলখনৰ মেন অৱ দ্য মেচ হয় আয়ুষ বদোনি। 

Related News