NORTHEAST NOW (Assamese)
অৰুণাচল

চীনৰ ভাবুকি! টাৱাং সীমান্তত বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰিব ভাৰতে; আহি আছে ১২০ টা ‘প্ৰলয়’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 26, 2022 11:49 am

ভাৰতে অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত এটা বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰি আছে। অতি সোনকালেই ১২০ টা বেলিষ্টিক মিছাইল ভাৰতীয় সেনাৰ হাতলৈ আহিব, যিটো চীন সীমান্তত মোতায়েন কৰা হ’ব পাৰে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে এই মিছাইল ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। এই মিছাইল পোৱাৰ পিছতে সীমান্তত বিশেষ অনুশীলন আৰম্ভ হ’ব পাৰে।

চৰকাৰী সূত্ৰ অনুসৰি, “ভাৰতীয় সেনাত ৰকেট বাহিনী সৃষ্টিৰ পৰিকল্পনাই হঠাতে গতি লাভ কৰিছে। কেন্দ্ৰই ১২০ টা প্ৰলয় বেলিষ্টিক মিছাইল ক্ৰয় কৰাৰ অনুমতি দিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।”

লগতে পঢ়ক: বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰেমিকাৰ মুখত চৰ-গোৰ; অভিযুক্ত যুৱকৰ ঘৰ বুলডোজাৰেৰে ভাঙিলে প্ৰশাসনে

কেন্দ্ৰই দীৰ্ঘদিন ধৰি এই বেলিষ্টিক মিছাইল ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছিল। অৱশেষত ইয়াক অনুমোদন জনোৱাৰ লগে লগে মিছাইল তৈয়াৰ কৰাৰ কাম আৰম্ভ হৈছে। এই কাম সম্পূৰ্ণ হোৱাৰ পিছতে সেনাই এই মিছাইলবোৰ পাব।

উল্লেখ্য যে ভাৰতৰ তিনিটা বাহিনীৰ প্ৰয়াত প্ৰধান জেনেৰেল বিপিন ৰাৱাটে সীমান্তত এক কৌশলগত ৰকেট বাহিনী সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল। কেন্দ্ৰই পৰিকল্পনাটো কাৰ্যকৰী কৰিবলৈ প্ৰথম পদক্ষেপ লৈছে।

লগতে পঢ়ক: সতৰ্কতা জৰুৰী! চীনৰ পৰা উভতি অহা যুৱকৰ দেহত কৰোনাৰ নতুন ছাব-ভেৰিয়েন্ট বিএফ.৭?

লক্ষণীয়ভাৱে, যোৱা বছৰ ডিচেম্বৰত দুটা মিছাইল পৰীক্ষা কৰা হৈছিল। পৰীক্ষাটো সেই সময়ত সফল হৈছিল। তাৰ পিছত জেনেৰেল ৰাৱাটৰ পৰিকল্পনা অনুসৰি, কেন্দ্ৰই পুনৰ সীমান্তত ৰকেট বাহিনী নিৰ্মাণৰ তৎপৰতা আৰম্ভ কৰিছে।