NORTHEAST NOW (Assamese)

সংযমী বেটিং শ্ৰেয়াস-অশ্বিনৰ! মিৰপুৰ টেষ্টত বাংলাদেশক পৰাজিত কৰি ২-০ত শৃংখলা দখল ভাৰতৰ

December 25, 2022 12:42 pm · এন ই নাও নিউজ, গুৱাহাটী

অশ্বিনৰ সংযমী আৰু শ্ৰেয়াস আয়াৰৰ চমু যদিও মূল্যবান ইনিংছে ভাৰতক বাংলাদেশৰ বিৰুদ্ধে পৰাজয়ৰ মুখৰ পৰা উদ্ধাৰ কৰিলে। অনুৰাগীৰ ৰক্তচাপ বৃদ্ধি হ’লেও অৱশেষত টীম ইণ্ডিয়াই মিৰপুৰ টেষ্টত ৩ উইকেটত জয়লাভ কৰে।

দেওবাৰে মিৰপুৰ টেষ্টৰ চতুৰ্থ দিনা খেলিবলৈ নমাৰ পূৰ্বে ভাৰতৰ স্ক’ৰ আছিল ৪ উইকেটত ৪৫ ৰাণ। জিকিবলৈ আৰু ১০০ ৰাণৰ প্ৰয়োজন আছিল। শনিবাৰে এইটো স্পষ্ট হৈ পৰিছিল যে বাংলাদেশৰ স্পিনাৰৰ ঘূৰ্ণীৰ সন্মুখীন হৈ এই লক্ষ্যত উপনীত হোৱাটো সহজ কাম নহ’ব।

আজি ৰাতিপুৱা খেল খন আৰম্ভ হোৱাৰ পিছত মিৰপুৰত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে টেষ্টত পৰাজিত হোৱাৰ আশংকা আৰু অধিক শক্তিশালী হৈ পৰিছিল। আগদিনাৰ অপৰাজিত বেটছমেন জয়দেৱ উনাদকটে ৰাতিপুৱাই পেভলিয়নলৈ উভতিছিল। ঋষভ পন্টো সোনকালে পেভিলিয়নলৈ উভতি আহে। আগদিনা চমকপ্ৰদ যেন দেখা অক্ষৰ পেটেলেও বেছি সময় তিষ্ঠিব নোৱাৰিলে।

ফলস্বৰূপে, ভাৰতে মাত্ৰ ৭৪ ৰাণত ৭ টা উইকেট হেৰুৱায় প্ৰচণ্ড চাপত পৰে। কিয়নো জিকিবলৈ তেতিয়াও ভাৰতক ৭১ ৰাণৰ প্ৰয়োজন আছিল।

অৱশ্যে উনাদকট আৰু পন্টে পেভিলিয়নলৈ উভতি অহাৰ আগতে এটা কাম কৰিছিল। ক্ৰীজত থিয় হৈ থকাৰ পৰিৱৰ্তে তেওঁলোকে বাংলাদেশৰ বলাৰসকলক আক্ৰমণ কৰাৰ পথ দেখুৱাইছিল। শ্ৰেয়াস আৰু অশ্বিনে সেই পথে আগবাঢ়িছিল আৰু তাতেই সফলতা আহে।

অষ্টম উইকেটৰ যুটীত দুয়োজন বেটছমেনে ভাৰতক শীতল মগজুৰে নিৰ্ধাৰিত লক্ষ্যলৈ লৈ যায়। অশ্বিনে ৪২ ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াসে কৰে ২৯ ৰাণ। বাংলাদেশৰ মেহেদী হাছানে মাত্ৰ ৬৩ ৰাণত পাঁচটা উইকেট দখল কৰে। চাকিবে লাভ কৰে দুটা উইকেট।

এই বিজয়ৰ ফলত ভাৰতে শৃংখলাটো ২-০ত জিকিলে। একে সময়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ যুঁজত টীম ইণ্ডিয়া টিকি থাকিল। এইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাটো ভাৰতীয় দলৰ বাবে প্ৰকৃত পৰীক্ষা হ’ব।

Related News