NORTHEAST NOW (Assamese)

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

January 19, 2021 2:34 pm · এন ই নাও নিউজ

১৯৮৮চনৰ পাছৰে পৰা ব্ৰীছবেনত অষ্ট্ৰেলিয়াই কোনো টেষ্টত পৰাজিত হোৱা নাছিল। ভাৰতেও ইয়াৰ পূৰ্বে গাব্বাত কোনো টেষ্টত জয়লাভ কৰা নাছিল।

অজিংকা ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই ইতিহাস সলনি কৰি দিলে। গাব্বাত অষ্ট্ৰেলিয়াৰ দুৰ্গত মোক্ষম আঘাত হানি ছিৰিজ জয় কৰিলে ভাৰতে।

ব্ৰীছবেনত যিদৰে অষ্ট্ৰেলিয়াৰ সফলতাৰ অধ্যায়ৰ সামৰণি পৰিল, সেইদৰে ভাৰতে লিখিলে নতুন ইতিহাস।

ব্ৰীছবেন এক শিহৰণকাৰী মেচত অষ্ট্ৰেলিয়াক ভাৰতে পৰাজিত কৰিলে। তিনি অভাৰৰ খেল বাকী থকা অৱস্থাতে টীম ইণ্ডিয়াই ৩উইকেটত বিজয় সাৱ্যস্ত কৰে।

অষ্ট্ৰেলিয়াৰ ৩৬৯ৰাণৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত ৩৩৬ৰাণ কৰি অল আউট হয়। ৩৩ৰাণৰ অগ্ৰগতি লাভ কৰি অষ্ট্ৰিলায়াই দ্বিতীয় ইনিংছত ২৯৪ৰাণত ইনিংছ সামৰে।

সেইদৰে, অষ্ট্ৰেলিয়াই ভাৰতৰ সন্মুখত বিজয়ৰ বাবে ৩২৭ৰাণৰ লক্ষ্য আগবঢ়ায়। ভাৰতে মেচ শেষ হ’বলৈ ৩ অভাৰ বাকী থাকোতেই ৭উইকেটৰ বিনিময়ত ৩২৯ৰাণ কৰি বিজয় সাৱ্যস্ত কৰে।

এডিলেডৰ প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াই জয়লাভ কৰে। মেলব’ৰ্ণৰ দ্বিতীয়খন টেষ্টত জয়লাভ কৰি ভাৰতে ছিৰিজত সমতা স্থাপন কৰে। ছিডনীৰ তৃতীয় টেষ্ট ড্ৰ’ হয়। কিন্তু ব্ৰীছবেনৰ অন্তিমখন টেষ্টত বিজয় সাৱ্যস্ত কৰি ভাৰতে চাৰিখন টেষ্টৰ ছিৰিজটো ২-১ ব্যৱধানত দখল কৰে।

ইয়াৰ ফলত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী নিজৰ হাতত ৰাখে টীম ইণ্ডিয়াই। এইদৰে ভাৰতে একেৰাহে অষ্ট্ৰেলিয়াত দুটা টেষ্ট ছিৰিজ বিজয়ৰ অভিলেখ গঢ়ে।

Related News