NORTHEAST NOW (Assamese)

পুনৰ আৰম্ভ হ’ব ভাৰত-চীন প্ৰত্যক্ষ বিমান সেৱা; দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱাৰ দিশত আৰু এঢাপ!

October 3, 2025 8:53 am · এন ই নাও নিউজ, গুৱাহাটী

ইতিমধ্যেই চৰ্চা চলি আছিল। শেষত সকলো জল্পনা-কল্পনা সঁচা হ’বলৈ গৈ আছে। আৰম্ভ হ’ব ভাৰত-চীন বিমান সেৱা ৷ পাঁচ বছৰৰ পিছত দুয়োখন দেশৰ মাজত বিমানসেৱা আৰম্ভ হ’ব। অহা ২৬ অক্টোবৰৰ পৰা বিমানসেৱা আৰম্ভ হোৱাৰ কথা।

বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণ বিভাগৰ মাজত আলোচনা হৈছে। তাৰ পিছতে দুয়োখন দেশৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই মাহৰ শেষৰ ফালে সেয়া আৰম্ভ কৰিব পৰা যাব বুলি জনোৱা হৈছে।

কেন্দ্ৰই জাৰি কৰা বিবৃতিত কোৱা হৈছে যে দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত দুয়োপক্ষই একমতত উপনীত হৈছে যে দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। লগতে এই সেৱা আৰম্ভ হ’লে দুয়োখন দেশৰ মাজত যোগাযোগ সহজ হ’ব বুলিও জনোৱা হৈছে।

উল্লেখ্য যে ২০২০ চনত কোভিড মহামাৰীৰ ফলত কৈলাশ-মানসৰোৱৰ যাত্ৰা, প্ৰত্যক্ষ বিমান সেৱা আৰু দুয়োখন দেশৰ ভিছাৰ ওপৰত প্ৰভাৱ পৰিছিল। পিছত গালৱান সংঘৰ্ষৰ বাবে ভাৰত-চীনৰ সম্পৰ্ক অৱনতি ঘটে। ইয়াৰ পিছত দুয়োখন দেশে সামৰিক পৰ্যায়ত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে।

এইবাৰ বেইজিঙৰ সেউজ সংকেতৰ পিছত আৰম্ভ হৈছে কৈলাশ-মানসৰোৱৰ যাত্ৰা। আনকি ভাৰতে চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদানৰ কথাও ঘোষণা কৰিছে। তাৰমাজতে এইবাৰ দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱাও আৰম্ভ হ’বলৈ গৈ আছে।

প্ৰসংগক্ৰমে বিভিন্ন সংঘাতৰ বাবে ইতিমধ্যে অস্থিৰ হৈ পৰিছে বিশ্বৰ পৰিস্থিতি। সেইক্ষেত্ৰত দুয়োখন দেশৰ সুবিধাৰ্থে ভাৰতৰ সৈতে নতুন বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনৰ বাবে আগবাঢ়িছে চীনে।

কেৱল সেয়াই নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ পিছত জি জিনপিঙৰ দেশখনে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে। এনে পৰিস্থিতিত বিমান সেৱা আৰম্ভ হোৱাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কত ইতিবাচক প্ৰভাৱ পৰিব বুলি সংশ্লিষ্ট মহল নিশ্চিত।

Related News