NORTHEAST NOW (Assamese)

মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ যৌথ সামৰিক অনুশীলন

July 20, 2019 7:56 am · এন ই নাও নিউজ
চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মি (পি এল এ)ৰ সেনা আৰু ভাৰতীয় সেনাৰ সীমান্ত বিষয়াসকলৰ বৈঠক। ফাইল ফটো

ভাৰত আৰু চীনা সামৰিক বাহিনীৰ অষ্টম সংখ্যক যৌথ সামৰিক অনুশীলন অহা ডিচেম্বৰত মেঘালয়ত অনুষ্ঠিত হ’ব।

দুয়োখন দেশৰ মাজৰ সামৰিক অনুশীলন যোৱা বছৰ ডোকলামত সৃষ্টি হোৱা উত্তেজনাৰ পাছত বন্ধ হৈ পৰিছিল।

‘হাতে হাত ধৰি’’ এই যৌথ সামৰিক অনুশীলন মেঘালয়ৰ শ্বিলঙৰ সমীপৰ উমৰৈত অনুষ্ঠিত হ’ব।

যোৱা ২০১৮ চনৰ ডিচেম্বৰত চেংদুত শেষবাৰ এই যৌথ সামৰিক অনুশীলনৰ সপ্তম সংস্কৰণ অনুষ্ঠিত হৈছিল।

উমৰৈত দুয়োটা সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান, যৌথ কামাণ্ড পষ্ট স্থাপন আৰু যৌথ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিব।

এই হাতে হাত ধৰি যৌথ অনুশীলন ২০০৭ চনত কুনমিঙত আৰম্ভ হৈছিল কিন্তু দ্বিতীয়বাৰ কৰ্ণাটকৰ বেলেগামত চীনা সমাৰিক বাহিনী অহাৰ পাছত বন্ধ হৈ পৰিছিল।

এই যৌথ অনুশীলনটো ২০১৩ চনৰ শেষলৈকে মাত্ৰ পাঁচ বছৰ বন্ধ হৈ আছিল কিয়নো নতুন দিল্লী আৰু বেইজিঙে এক ভিছা কেন্দ্ৰিক সংঘাতৰ বাবে সামৰিক মিত্ৰতা নিলম্বন কৰিছিল।

২০১৬ চনত পুনেত যৌথ সামৰিক অনুশীলনৰ ষষ্ঠ সংস্কৰণৰ পাছত ছিকিমৰ ডোকলামত দুয়োটা বাহিনীৰ মাজত ৭৩ দিন ধৰি চলা উত্তেজনা তথা মুখামুখি স্থিতিৰ বাবে অনুশীলনত যতি পৰিছিল।

যোৱা বছৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰে আৰু দুয়োটা সামৰিক বাহিনীয়ে পুনৰ চীনত ভাৱ বিনিময় কৰিবলৈ আৰম্ভ কৰে তথা চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মি (পি এল এ)ৰ সেনাই ভাৰতীয় সেনাৰ সৈতে নৃত্য কৰা ভিডিঅ’ ভাইৰেল হৈ পৰে।

Related News