NORTHEAST NOW (Assamese)

আলোচনাত সহমত ব্যক্ত কৰাৰ পিছতো চীনে লাডাখৰ পৰা আঁতৰাই নিয়া নাই বায়ুসেনাৰ যুদ্ধ বিমান

March 31, 2021 2:49 pm · এন ই নাও নিউজ

ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ কেইবালানি  আলোচনা অনুষ্ঠিত হৈছে ।

কিছুদিন পূৰ্বে মলডো অঞ্চলত অনুষ্ঠিত আলোচনাত চীন-ভাৰত দুয়োখন দেশে দোপচাঙৰ লগতে লাডাখৰ অন্যান্য প্ৰান্তৰ পৰা সেনা অপসাৰণ কৰিব বুলি সহমত ব্যক্ত কৰিছিল যদিও আজিলৈকে চীনে লাডাখৰ পৰা বায়ু সেনা বাহিনীক অপসাৰণ কৰা নাই।

ফলত নিৰাপত্তাৰ খাতিৰত ভাৰতেও লাডাখৰ পৰা দেশ খনৰ বায়ু সেনা বাহিনী অপসাৰৰণ কৰিব পৰা নাই।

শেহতীয়া আলোচনাত দুয়ো খন দেশৰ সেনাৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছিল। আলোচনাত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা সেনা অপসাৰণৰ বিষয়টো খৰচি মাৰি আলোচনা কৰা হৈছিল।

ইতিমধ্যে দুয়ো দেশৰ মাজত হোৱা নৱম লানি আলোচনাৰ পিছতে ভাৰত আৰু চীনে সীমান্তৰ পৰা বৃহৎ সংখ্যক সেনা আঁতৰাই নিছিল।

শেহতীয়া  আলোচনাত  সীমান্তৰ আন বিবদমান অঞ্চলৰ পৰা সেনা আঁতৰাই নিয়াৰ বিষয়টো আলোচনা কৰা হৈছিল।

বিশেষকৈ ডেপচাং উপত্যকা আৰু গোগ্ৰা হটস্প্ৰীং অঞ্চলত থকা চীনা সেনা আঁতৰাই নিয়াৰ বাবে ভাৰতে চীনক  হেঁচা দিছিল আৰু চীনে সেয়া  মানিও লৈছিল।

সেই সময়ত অনুষ্ঠিত আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছিল  ভাৰতীয় সেনাৰ ১৪ কৰ্পৰ  কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছিল দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিন।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য চীনে লাডাখ আৰু ডেপচাং অঞ্চলত  দুয়ো খন দেশৰ প্ৰায় ৫০,০০০ সেনা এতিয়াও মোতায়েন কৰি ৰখা হৈছিল যদিও বহু সেনা ইতিমধ্যে আতঁৰাই নিয়া হৈছে।

কিন্তু এতিয়ালৈকে বায়ু সেনা বাহিনী আঁতৰাই নিয়া হোৱা নাই।

সেয়ে ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয়-৩০ এম কে আই,জাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিছে।

Related News