NORTHEAST NOW (Assamese)

দেশৰ প্ৰতিৰক্ষা খণ্ডৰ ন-শক্তি: ইণ্টাৰচেপ্টাৰ মিছাইলৰ সফল পৰীক্ষণ

April 22, 2023 9:11 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 22, 2023 8:56 pm

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত সংযোজন ঘটিছে আন এক শক্তিৰ। উৰিষ্যাৰ উপকূলত সাগৰ-আধাৰিত এণ্ডো-বায়ুমণ্ডলীয় ইণ্টাৰচেপ্টাৰ মিছাইলৰ প্ৰথম উৰণ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছে ভাৰতে।

শুকুৰবাৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’) আৰু ভাৰতীয় নৌসেনাই এই মিছাইল পৰীক্ষণ সম্পন্ন কৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত ভাৰতক নৌ সেনাৰ ‘বেলিষ্টিক মিছাইল ডিফেঞ্চ’ ক্ষমতা থকা ৰাষ্ট্ৰসমূহৰ অভিজাত শ্ৰেণীলৈ উন্নীত কৰা এই পৰীক্ষণৰ প্ৰধান উদ্দেশ্য বুলি উল্লেখ কৰে।

 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাহাজ-আধাৰিত ‘বেলিষ্টিক মিছাইল ডিফেঞ্চ’ (BMD) ক্ষমতাৰ সফল প্ৰদৰ্শনত জড়িত ডিআৰডিঅ’, ভাৰতীয় নৌ সেনাক অভিনন্দন জনায়।

Related News