NORTHEAST NOW (Assamese)

বিকাশ নে বিনাশ? উদ্যোগপতিক প্ৰকৃতি ধ্বংসৰ লাইচেন্স দিলে নেকি কেন্দ্ৰই!

January 29, 2026 11:27 am · এন ই নাও নিউজ, গুৱাহাটী

দেশজুৰি উদ্যোগীকৰণৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বায়ু আৰু পানী প্ৰদূষণ নিয়ন্ত্ৰণ সম্পৰ্কীয় নীতি-নিৰ্দেশনাৱলীত বৃহৎ পৰিৱৰ্তন আনিছে। এতিয়াৰ পৰা উদ্যোগসমূহে বাৰে বাৰে অনুজ্ঞাপত্ৰ নবীকৰণ কৰিব নালাগে। লগতে, আটাইতকৈ বেছি প্ৰদূষণকাৰী শ্ৰেণীৰ অন্তৰ্ভুক্ত উদ্যোগসমূহ স্থাপনৰ ক্ষেত্ৰতো অনুমোদনৰ সময়সীমা হ্ৰাস কৰা হৈছে।

আন এক গুৰুত্বপূৰ্ণ সংস্কাৰ হিচাপে চৰকাৰে কমন এফ্লুয়েণ্ট ট্ৰিটমেণ্ট প্লাণ্ট‘ (CETP) স্থাপনৰ ক্ষেত্ৰত পৰিৱেশ সংক্ৰান্তীয় অনুমতি লোৱাৰ বাধ্যবাধকতাৰ পৰা ৰেহাই দিছে।

পৰিৱেশ সুৰক্ষাৰ দিশটো অটুট ৰাখিও প্ৰশাসনিক বিলম্ব হ্ৰাস কৰা আৰু অনুমোদন প্ৰক্ৰিয়া অধিক দ্ৰুত তথা দক্ষ কৰি তোলাটোৱেই এই নতুন জাননীৰ মূল লক্ষ্য বুলি চৰকাৰে দাবী কৰিছে। সংশোধিত নিয়ম অনুসৰি, ৰঙা শ্ৰেণীৰ (Red Category) অন্তৰ্ভুক্ত যিসমূহ উদ্যোগে পৰিৱেশৰ ওপৰত আটাইতকৈ বেছি নেতিবাচক প্ৰভাৱ পেলায়, সেই উদ্যোগসমূহৰ কাম-কাজ চলাই নিবলৈ অনুমতি (Consent to Operate – CTO) প্ৰদানৰ সময়সীমা ১২০ দিনৰ পৰা ৯০ দিনলৈ হ্ৰাস কৰা হৈছে।

চৰকাৰে বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১আৰু পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪‘-ৰ অধীনত ইউনিফৰ্ম কনচেণ্ট গাইডলাইনছ‘ (Uniform Consent Guidelines) সংশোধন কৰিছে। ইয়াৰ ফলত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উদ্যোগসমূহৰ বাবে অনুমতি লাভৰ প্ৰক্ৰিয়াটো অধিক সহজ হৈ পৰিব। বিশেষকৈ, উৎপাদন বা উদ্যোগটোৰ কাম-কাজ আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় আইনী অনুমতি অৰ্থাৎ কনচেণ্ট টু অপাৰেট‘ (CTO) নবীকৰণত হোৱা পলমৰ বাবে উদ্যোগসমূহৰ কাম-কাজত যি অনিশ্চয়তা বা ব্যাঘাত জন্মিছিল, সেয়াও এতিয়া দূৰ হ’ব।

উল্লেখ্য যে, এই সংশোধনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল অনুজ্ঞাপত্ৰৰ ম্যাদ। নতুন নীতি অনুসৰি, এবাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ পিছত, চৰকাৰে বাতিল নকৰা পৰ্যন্ত ইয়াৰ বৈধতা আজীৱন বাহাল থাকিব।

Related News