NORTHEAST NOW (Assamese)

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm · এন ই নাও নিউজ, গুৱাহাটী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বব্যাপী যোগান শৃংখলাত হোৱা ব্যাঘাতৰ পৰিপ্ৰেক্ষিতত পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ ওপৰত আৰোপ কৰা অস্থায়ী নিষেধাজ্ঞা অহা ১ জুলাইৰ পৰা প্ৰত্যাহাৰ কৰা হব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। সোমবাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি, ইন্ধনৰ পৰ্যাপ্ত উপলব্ধতা আৰু বৰ্তমানৰ স্বাভাৱিক যোগানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ ফলত এতিয়াৰে পৰা ট্ৰেন্সপৰ্ট কোম্পানী আৰু উদ্যোগসমূহৰ দৰে বাণিজ্যিক ব্যৱহাৰকাৰীসকলেও কোনো পৰিমাণগত বাধ্যবাধকতা নোহোৱাকৈ খুচুৰা পেট্ৰল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰিব পাৰিব।

চলিত মাহৰ আৰম্ভণিতে চৰকাৰে সকলোৰে বাবে ইন্ধনৰ উপলব্ধতা নিশ্চিত কৰা, মজুতকৰণ প্ৰতিৰোধ কৰা, অপব্যৱহাৰ ৰোধ কৰা আৰু উচিত মূল্যত নিয়মীয়া যোগান বাহাল ৰখাৰ উদ্দেশ্যেৰে এই প্ৰতিবন্ধকতাসমূহ আৰোপ কৰিছিল। এই নিয়ম অনুসৰি বাণিজ্যিক গ্ৰাহকসকলক খুচুৰা পেট্ৰল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰাত সম্পূৰ্ণ বাধা প্ৰদান কৰা হৈছিল। ইয়াৰ লগতে, প্ৰতিজন গ্ৰাহক বা প্ৰতিখন বাহনৰ বাবে দৈনিক সৰ্বোচ্চ ২০০ লিটাৰ ডিজেল ক্ৰয়ৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল।

খুচুৰা আৰু পাইকাৰী ইন্ধনৰ মূল্যৰ মাজত সৃষ্টি হোৱা বৃহৎ পাৰ্থক্যৰ বাবেই চৰকাৰে পূৰ্বতে এই পদক্ষেপ লবলৈ বাধ্য হৈছিল। ভাৰতৰ মুঠ ইন্ধন ব্যৱহাৰৰ প্ৰায় ৪০ শতাংশ অধিকাৰ কৰি থকা ডিজেল, উদ্যোগিক গ্ৰাহকসকলক খুচুৰা মূল্যতকৈ প্ৰতি লিটাৰত প্ৰায় ৪০ টকা অধিক দামত বিক্ৰী কৰা হৈছিল। এই বৃহৎ মূল্যৰ পাৰ্থক্যৰ সুযোগ লৈ ট্ৰাক কোম্পানীসমূহকে ধৰি বহু বাণিজ্যিক গ্ৰাহকে পাইকাৰী বজাৰৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহৰ দ্বাৰা পৰিচালিত সস্তীয়া খুচুৰা পাম্পসমূহলৈ ঢাল খাইছিল, যাৰ ফলত দেশৰ কেইবাটাও প্ৰান্তত ইন্ধনৰ যোগানৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হৈছিল।

এই পৰিস্থিতিৰ ফলত দেশৰ এক লাখতকৈও অধিক ইন্ধন ষ্টেচনৰ প্ৰায় ৯০ শতাংশ পৰিচালনা কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ, ক্ৰমে ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল। এই সময়ছোৱাত এই কোম্পানীসমূহৰ ডিজেলৰ বিক্ৰী অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আনহাতে, বজাৰ মূল্যৰ সমকক্ষ দাম নিৰ্ধাৰণ কৰা ব্যক্তিগত খণ্ডৰ ইন্ধন খুচুৰা বিক্ৰেতাসকলৰ বিক্ৰী যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল।

অহা ১ জুলাইৰ পৰা এই সকলোবোৰ প্ৰতিবন্ধকতা আঁতৰোৱাৰ চৰকাৰী সিদ্ধান্তই সমগ্ৰ দেশতে ইন্ধনৰ যোগান ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাটোকে সূচাইছে। যোগান শৃংখলাৰ উন্নতিৰ লগে লগে এতিয়া জৰুৰীকালীন ব্যৱস্থাসমূহৰ আৰু কোনো প্ৰয়োজন নাই বুলি চৰকাৰী প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে।

Related News