NORTHEAST NOW (Assamese)

ভাৰতত ভয়াৱহ ৰূপ ধাৰণ ক’ৰ’নাৰ; আক্ৰান্তৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

June 27, 2020 11:45 am · এন ই নাও নিউজ
Updated: June 27, 2020 12:59 pm
প্ৰতিনিধিত্বমূলক ফটো

চীনৰ য়ুহানৰ পৰা বিশ্বৰ অন্য প্ৰান্তলৈ সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধৰিবলৈ আৰম্ভ কৰিছে ভাৰতত। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ইয়াৰ ভয়াবহতাৰ ইংগিত বহন কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৮,৫৫২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮৪ গৰাকী ৰোগী।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৫,০৮,৯৫৩ গৰাকী আৰু মৃত্যু হৈছে ১৫৬৮৫ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ১,৯৭,৩৮৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২,৯৫,৮৮১ গৰাকী ক’ৰ’না মুক্ত হৈছে।

২৬ জুন অৰ্থাৎ শুকুৰবাৰে ১০,২৪৪ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে,  দেশৰ ভিতৰতে ক’ৰ’নাৰ সৰ্বাধিক সংক্ৰমণ ঘটিছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৫,০২৪ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭৫ গৰাকী ৰোগীৰ মৃত্যু ঘটিছে।

মহাৰাষ্ট্ৰত এই পৰ্যন্ত ১,৫২,৭৬৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৭,১০৬ গৰাকী ৰোগীৰ। আনহাতে ৭৯,৮১৫ গৰাকী লোক সংক্ৰমণমুক্ত হৈছে।

Related News