NORTHEAST NOW (Assamese)
অসম

দেশত পুনৰ ৭৬ হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত; মুঠ আক্ৰান্ত ৩৪ লাখ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2020 11:42 am
Wuhan-coronavirus-750x375

ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ গতি অব্যাহত আছে।

দেশত বিগত ২৪ ঘণ্টাত মাৰাত্মক এই ভাইৰাছ বিধত আক্ৰান্ত হৈছে ৭৬,৪৭২ গৰাকী লোক।

ইফালে যোৱা ২৪ ঘন্টাত ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিলে ১,০২১ গৰাকী লোকৰ।

এতিয়া লৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গৈ ৩৪,৬৩,৯৭৩ গৰাকী। ইয়াৰে ২৬,৪৮,৯৯৯ গৰাকী ক’ৰ’না মুক্ত হৈছে।

ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধে এই পৰ্যন্ত প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ৬২,৫৫০ গৰাকী।

বৰ্তমান দেশত ৭,৫২,৪২৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

ইতিবাচক কথাটো হৈছে ক’ৰ’না ভাইৰাছৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা দিনক দিনে দেশত বৃদ্ধি পাই আহিছে।

আগষ্ট মাহৰ আৰম্ভণিৰ পৰাই ভাৰতত বিশ্বৰ ভিতৰত আটাইতকৈ দ্ৰুত হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

এইদৰে সংক্ৰমণৰ হাৰ বৃদ্ধি পাই থাকিলে শীঘ্ৰেই ভাৰতে ব্ৰাজিলক অতিক্ৰমি দ্বিতীয় স্থানত উপনীত হ’ব।

বৰ্তমান ভাৰত আৰু ব্ৰাজিলৰ মাজত মুঠ আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত তিনি লাখৰ পাৰ্থক্য আছে।

অৱশ্যে, আক্ৰান্তৰ হাৰ বৃদ্ধি পালেও মৃত্যুৰ হাৰ ভাৰতত কম। বৰ্তমান ভাৰতত মৃত্যুৰ হাৰ হৈছে প্ৰায় ১.৮শতাংশ।