NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’নাই সংক্ৰমণৰ সৰ্বোচ্চ স্তৰ অতিক্ৰম কৰিছে; চৰকাৰৰ দ্বাৰা গঠিত সমিতিৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 8:06 pm

কেন্দ্ৰীয় চৰকাৰে নিযুক্ত কৰা এখন সমিতিয়ে ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সৰ্বাধিক হাৰ অতিক্ৰম কৰা বুলি মত ব্যক্ত কৰে।

সমিতিখনে ভাৰতত ক’ৰ’নাৰ সংক্ৰমণৰ সৰ্বাধিক হাৰ অতিক্ৰম কৰা বুলি মন্তব্য প্ৰকাশ কৰিলেও জনসাধাৰণক প্ৰতিৰোধমূলক ব্যৱস্থা সমূহ পালন কৰাৰ বাবে আহ্বান জনায়।

আনহাতে, সমিতিখনে ভাৰতত ক’ৰ’নাৰ মুঠ সংক্ৰমণৰ সংখ্যা ১.০৬ কোটিতকৈ অধিক হ’ব নালাগে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, মাৰ্চত যদিহে ভাৰতত ল’কডাউন ঘোষণা কৰা নহ’লহেতেন তেন্তে ভাৰতত ২৫ লাখতকৈ অধিক লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিবলগীয়া হ’ল হেতেন বুলিও সমিতিখনে লগতে কয়।

ভাৰতত বৰ্তমানলৈ মুঠ ৭৪,৯৪,৫৫১ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ১,১৪,০৩১ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ভাৰত বিশ্বৰ ক’ৰ’নাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা দেশ।