NORTHEAST NOW (Assamese)

দেশৰ ৮১ কোটি হিতাধিকাৰীক ৯ মাহৰ বাবে খুৱাব পাৰকৈ প্ৰচুৰ খাদ্য সামগ্ৰী চৰকাৰৰ হাতত মজুত আছে : ৰামবিলাস পাছোৱান

April 12, 2020 8:15 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ বাবে দেশত ল’কডাউন ঘোষণা কৰাৰ পাছতে দেশৰ সাধাৰণ স্তৰৰ লোকৰ মাজত খাদ্য সংকটৰ সৃষ্টি হ’ব পাৰে বুলি চলি থকা ধাৰণাক নাকচ কৰি আজি কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰামবিলাস পাছোৱানে দেশৰ ৮১ কোটি হিতাধিকাৰীক ৯ মাহৰ বাবে যোগান ধৰিব পৰাকৈ ভাৰত চৰকাৰৰ হাতত অত্যাধিক খাদ্য সামগ্ৰী মজুত আছে বুলি উল্লেখ কৰে।

চৰকাৰৰ ভড়ালত প্ৰায় ৫৩৫ লাখ মেট্ৰিক টন ঘেহু আৰু চাউল মজুত আছে বুলি উল্লেখ কৰে পাছোৱানে।

প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ল’কডাউন ১৪ এপ্ৰিলত সামৰণি পৰিব যদিও বহু কেইখন ৰাজ্যই ইতিমধ্যে নিজাববীয়াকৈ ল’কডাউন চলিত মাহৰ শেষলৈ বৃদ্ধি কৰিছে।

প্ৰথম পৰ্যায়ৰ ল’কডাউনত ভাৰত চৰকাৰে দেশৰ মুঠ ৮১ কোটি হিতাধিকাৰীলৈ খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত যাতে ভাৰতৰ মিত্ৰ দেশ আফগানিস্তান আৰু লেবাননত খাদ্য সংকটে দেখা নিদিয়ে তাৰ বাবে দুয়োখন দেশলৈও ভাৰতে ঘেঁহু আৰু চাউল ৰপ্তানি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে বিশ্বৰ মুঠ ২৫ খন দেশলৈ হাইড্ৰক্সিক্লৰ’কুইন প্ৰেৰণ কৰাৰো সিদ্ধান্ত লৈছে।

Related News