NORTHEAST NOW (Assamese)

চীনত “কালী” উপাসনা

November 12, 2019 6:07 pm · এন ই নাও নিউজ
Updated: November 12, 2019 6:40 pm
চেদিয়ান গাঁৱৰ মূৰ্তিটোৰ ছবি। সন্মুখত চাকি-ধূপ। সৌজন্য- টুইটাৰ।

বেইজিঙত ভাৰতীয় ৰাষ্ট্ৰদূত ৱিক্ৰম মিশ্ৰিয়ে মঙলবাৰে চীনত হিন্দু শৈলীৰ মূৰ্তি থকা কেইখনমান উপাসনাথলী দৰ্শন কৰিছে।

ৰাষ্ট্ৰদূতজনে এই দৰ্শনক #ChennaiConnectক আগবঢ়াই নিয়াৰ পদক্ষেপ বুলি অভিহিত কৰি কেইবাটাও টুইট কৰিছে।

(মোদী-জিনপিঙৰ শেহতীয়া “অনানুষ্ঠানিক” সাক্ষাতৰ সময়ত চীনৰ সৈতে ভাৰত বিশেষকৈ দক্ষিণ ভাৰতৰ প্ৰাচীন সম্পৰ্কক লৈ চৰ্চা চলিছিল। টুইটাৰত সেই সময়ত #ChennaiConnect হেশ্বটেগ ত্ৰেণ্ডিঙত আছিল। )

হিন্দু শৈলীৰ মূৰ্তি থকা উপাসনাথলীসমূহত স্থানীয় চীনাসকলে এতিয়াও পূজা আগবঢ়ায়।

ৰাষ্ট্ৰদূত মিশ্ৰিয়ে দৰ্শন কৰা উপাসনাথলীসমূহৰ মাজত চেদিয়ান গাঁৱৰ “কালী মূৰ্তি”টোও আছে।

স্থানীয় লোকসকলে মূৰ্তিটোক চীনত বৌদ্ধধৰ্মৰ প্ৰচাৰক বোধিসত্ত্ব অৱলোকিটেশ্বৰৰ মহিলা ৰূপ “গুৱানয়িন” বুলি উপাসনা কৰি আহিছে।

কিন্তু, চীনৰ লগতে তিব্বত, নেপাল আৰু মংগোলিয়াত থকা “গুৱানয়িন”ৰ বাকী মূৰ্তিসমূহৰ সৈতে চেদিয়ান গাঁৱৰ মূৰ্তিটোৰ দেখাত মিল নাই।

বৰঞ্চ ভাৰতীয় কালী মূৰ্তিৰ সৈতেহে তাৰ সাদৃশ্য আছে। বহি থকা অৱস্থাত থকা মূৰ্তিটোৰ চাৰিওখন হাততে অস্ত্ৰ আছে আৰু ভৰিত পৰি আছে বিনাশ হোৱা (?) এটা দেহ (দানৱ?)।

চীনাসকলে মূৰ্তিটোৰ সন্মুখত চাকি-বন্তি আৰু ধূপ জ্বলায়। আৰু ইয়াৰ ফলত অপশক্তি নাশ হয় বুলি বিশ্বাস কৰি আহিছে।

চেদিয়ান গাঁৱৰ মূৰ্তিটোৰ উপৰি মিশ্ৰিয়ে কুৱানজ’ৰ কাইয়ুন মন্দিৰো দৰ্শন কৰে। ৰাষ্ট্ৰদূতজনৰ দৰ্শনৰ তালিকাত কুৱানজ’ৰ মেৰিটাইম মিউজিয়ামো আছিল।

খ্ৰিষ্টীয় সপ্তম শতিকাৰ এই মন্দিৰটোত বিভিন্ন হিন্দু দেৱ-দেৱী আৰু পৌৰাণিক ঘটনাসমূহৰ শিলত খোদিত ভাস্কৰ্য্য আছে।

আৰ্কিয়লজিষ্টসকলে চীনত থকা হিন্দু শৈলীৰ মূৰ্তিসমূহ এসময়ত তালৈ যোৱা তামিলসকলৰ সৈতে সম্পৰ্ক থকা বুলি ধাৰণা কৰে।

দক্ষিণ ভাৰতৰ ক’লা (কোলা/ কোল/ The Cholas) শাসক ৰাজা ৰাজাই চীনা চং (৯৬০-১২৭৯) আৰু ইয়ুৱান (১২৭৯-১৩৬৮) শাসনৰ সময়ত বহু সংখ্যক প্ৰতিনিধি পঠোৱাৰ ঐতিহাসিক সাক্ষ্য আছে।

ৰাজা ৰাজাই চীনৰ সৈতে ব্যৱসায়িক বিনিময়ৰ বাবে প্ৰতিনিধি পঠিয়াইছিল আৰু দক্ষিণ ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক গঢ়ি উঠিছিল।

তাৰোপৰি, চীনৰ কেন্তন সমুদ্ৰ বন্দৰৰ সমীপৰ শিৱ মন্দিৰ আৰু তামিলনাডুৰ তিৰুপুৰৰ অবিনাশীত থকা শিৱ মন্দিৰেও ভাৰত-চীনৰ সেই সময়ৰ সংযোগ নিশ্চিত কৰে।

অবিনাশীৰ মন্দিৰটোত উদ্ধাৰ খোদিত লিপিত চীনা পাট সূতাৰে নিৰ্মিত ছাতি “চীনা কুদাই”ৰ উল্লেখ পোৱা যায়।

Related News