NORTHEAST NOW (Assamese)
জীৱনশৈলী

ভাৰতত স্থাপন ১ মিঃমিঃতকৈ সৰু টিউমাৰ ধৰা পেলাব পৰা প্ৰথম এআই কেন্সাৰ স্কেনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2025 7:30 am

ভাৰতত প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা পৰিচালিত এটা অত্যাধুনিক কেন্সাৰ স্ক্যানাৰ আহিছে, যিয়ে ১ মিলিমিটাৰতকৈ সৰু টিউমাৰ ধৰা পেলাব পাৰে। গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত স্থাপন কৰা  যন্ত্ৰই কেন্সাৰৰ প্ৰাৰম্ভিক কোষ চিনাক্ত কৰি টিউমাৰটো কেন্সাৰলৈ ৰূপান্তৰিত হ’ব নে নহয় তথ্য প্ৰদান কৰে। চিকিৎসকসকলৰ মতে, কেন্সাৰ যদি আৰম্ভণিতে ধৰা পৰে, তেন্তে ইয়াক নিৰাময় কৰাটো সম্ভৱ, আৰু এই এআই স্ক্যানাৰে সেই সুবিধা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰিছে। এই যন্ত্ৰই কেন্সাৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এক বিপ্লৱ আনিব বুলি গৱেষকসকলে আশা প্ৰকাশ কৰিছে।

‘অমনি লিজেণ্ড’ নামৰ এই স্কেনাৰটো জি ই হেল্থকেয়াৰ নামৰ এটা কোম্পানীয়ে তৈয়াৰ কৰিছে। ই ‘এডভান্সড ডিজিটেল ডিটেক্টৰ’ প্ৰযুক্তিৰ ওপৰত কাম কৰে আৰু এআই-চালিত এলগৰিদম ব্যৱহাৰ কৰি ১.৪ মিলিমিটাৰতকৈ সৰু টিউমাৰ ধৰা পেলায়। এই যন্ত্ৰই কেৱল টিউমাৰ চিনাক্ত কৰাই নহয়, ইয়াৰ কেন্সাৰৰ সম্ভাৱনাও নিৰ্ণয় কৰিব পাৰে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ তথ্য অনুসৰি, ভাৰতত বহু কেন্সাৰ ৰোগীৰ ৰোগ পলমকৈ ধৰা পৰে, যাৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পায়। এই স্ক্যানাৰে সেই সমস্যাৰ সমাধান কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছে।

কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ প্ৰায়ে খালী চকুৰে বা সাধাৰণ পৰীক্ষাৰে ধৰা পৰা সম্ভৱ নহয়, আৰু বহু সময়ত টিউমাৰৰ প্ৰকৃতি নিৰ্ণয় কৰাত সময় লাগে। এই এআই স্কেনাৰে অতি ক্ষুদ্ৰ কোষৰ অস্বাভাৱিকতা চিনাক্ত কৰি চিকিৎসাৰ আগতীয়া পথ মুকলি কৰিব। গুৰুগ্ৰামত স্থাপিত এই যন্ত্ৰ সফলভাৱে কাম কৰিলে দেশৰ আন চিকিৎসালয়তো ইয়াক স্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে। গৱেষকসকলৰ মতে, এই প্ৰযুক্তিয়ে কেন্সাৰৰ আগতীয়া নিৰ্ণয়ৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব আৰু ৰোগীৰ জীৱন ৰক্ষাৰ সম্ভাৱনা বৃদ্ধি কৰিব।