NORTHEAST NOW (Assamese)

য়েমেনত থকা ভাৰতীয় নাৰ্ছৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ ভাৰত বদ্ধপৰিকৰঃ বৈদেশিক পৰিক্ৰমা দপ্তৰে প্ৰকাশ কৰিলে তথ্য

December 31, 2024 3:07 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰে উদ্যোগ লৈছে য়েমেনত এগৰাকী ভাৰতীয় নাৰ্ছৰ মৃত্যুদণ্ড বাতিলৰ বাবে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সেই দেশৰ ৰাষ্ট্ৰপতি ৰছিদ মহম্মদ আল আলিমীক নিমিছা প্ৰিয়া নামৰ নাৰ্ছগৰাকীক ক্ষমা কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ দৰে য়েমেনতো মৃত্যুদণ্ড বাতিল কৰাৰ ক্ষমতা কেৱল ৰাষ্ট্ৰপতিৰ।

নিমিষা প্ৰিয়া নামৰ আদবয়সীয়া নাৰ্ছগৰাকীৰ ঘৰ মূলতঃ কেৰালাৰ। দহ বছৰ আগতে তেওঁ কৰ্মসূত্ৰে য়েমেনলৈ গৈছিল। তাতেই তেওঁৰ তলাত আব্দো মাধি নামৰ য়েমেনৰ এজন লোকৰ লগত সম্পৰ্ক আছিল। প্ৰথমে তেওঁলোকে যৌথ ব্যৱসায় আৰম্ভ কৰিলে। পিছত বিয়া পাতিলে।

য়েমেন আৰক্ষীৰ তথ্য অনুসৰি নিমিষাই স্বামীক হত্যা কৰি ভাৰতলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীৰ মতে, বৈবাহিক বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছিল। নিমষাই অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে নিয়মিতভাৱে নিৰ্যাতন চলাইছিল আৰু তেওঁৰ পাছপৰ্ট লুকুৱাই ৰাখিছিল যাতে তেওঁ ভাৰতলৈ উভতি নাযায়। তদন্তত আৰক্ষীয়ে গম পায় যে নিমিষাই স্বামীক হত্যা কৰি টুকুৰা টুকুৰ কৰি পাছপৰ্ট ঘূৰাই পাবলৈ পৰিকল্পনা কৰিছিল।

আদালতে য়েমেনৰ আইন অনুসৰি নিমিষাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ঘৰুৱা বহু আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিগত কেইবছৰমানৰ পৰা সেই শাস্তিৰ বিৰুদ্ধে যুঁজি আহিছে। মৃত্যুদণ্ড বিলুপ্ত কৰাৰ বাবে কাম কৰি আছে। তেওঁলোকৰ দাবী যে নিমিষাই অসহনীয় পৰিস্থিতিত স্বামীক হত্যা কৰিছিল। ই এক প্ৰকাৰৰ আত্মৰক্ষাও। গতিকে তেওঁক মৃত্যুদণ্ড দিব নোৱাৰি।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে মঙলবাৰে কয় যে আদালতত নিমিষাৰ পৰিয়ালৰ আইনী যুঁজত য়েমেনত থকা ভাৰতীয় দূতাবাসৰ পক্ষত আছে। মৃত্যুদণ্ডৰ গোচৰত ভাল অধিবক্তা দিয়া হৈছিল। কিন্তু কিছুদিন পূৰ্বে য়েমেনৰ ৰাষ্ট্ৰপতিয়ে প্ৰবাসী ভাৰতীয়জনৰ ফাঁচীৰ আদেশত স্বাক্ষৰ কৰিছিল। কেইমাহমানৰ ভিতৰত ফাঁচী দিয়াৰ কথা। সেয়ে ভাৰত চৰকাৰে কেৰালাৰ নাৰ্ছগৰাকীৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ অনুৰোধ জনাইছে।

Related News