NORTHEAST NOW (Assamese)

চীন-বিৰোধী চাৰি ৰাষ্ট্ৰৰ সৈতে চতুৰ্দেশীয় স্কোৱাৰ্ড গঠনত আগ্ৰহী ভাৰত!

June 28, 2020 6:39 pm · এন ই নাও নিউজ
Updated: June 28, 2020 6:46 pm
প্ৰতিকী আলোকচিত্ৰ, উৎস- ইন্টাৰনেট

গাৱলৱান উপত্যকাৰ ৰক্তক্ষয়ী আক্ৰমণৰ পিছতে চীনৰ নীতিৰ সম্পৰ্কত আৰু কোনো দ্বিধা নাই বুলি প্ৰকাশ কৰিছে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে।

ইয়াৰ পিছতে নতুন দিল্লীয়ে চীন-বিৰোধী চতুৰ্দেশীয় ‘স্কোৱাৰ্ড’ গঠনৰ কথাও চিন্তা চৰ্চা কৰিছে ভাৰতে।

যি স্কোৱাৰ্ডক মাৰ্কিন যুক্তৰাষ্ট্ৰই নেতৃত্ব দিব!

এই স্কোৱাৰ্ডক চীনৰ কৌশলগত একাধিপত্যৰ বিৰুদ্ধে যৌথভাৱে মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছে আমিৰেকাই।

ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰে গঠিত হ’ব পাৰে এই যৌথ স্কোৱাৰ্ড।

আমেৰিকাই এই স্কোৱাৰ্ডৰ অংশীদাৰ ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াক ফাইটাৰ জেট প্ৰশিক্ষণ দিয়াৰ কথাও ভাবিছে।

ইয়াৰ বাবে আমেৰিকাই নেচেশ্যনেল ডিফেন্স অৰ্থৰাইজেশ্যন এক্ট সংশোধন কৰা বুলিও জানিব পৰা গৈছে।

মাৰ্কিন বৈদেশিক সচিব মাইক পাম্পেয়ো-এ জনাইছে যে, ভাৰত আৰু দক্ষিণ পূৱ এছিয়াৰ অন্যান্য দেশৰ ওপৰত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ ইউৰোপৰ বিভিন্ন প্ৰান্তৰ পৰা মাৰ্কিন সেনা বাহিনীক আনি ভাৰত মহাসাগৰীয় অঞ্চল আৰু দক্ষিণ চীন সাগৰত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ লগে লগে আমেৰিকাই অষ্ট্ৰেলিয়াৰ সৈতে নৌসেনাৰ যুদ্ধৰ প্ৰস্তুতি কেনেদৰে দ্ৰুততৰ কৰিব পাৰি তাৰো প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে দক্ষিণ এছিয়াৰ আছিয়ানৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰসমূহে নাম উল্লেখ নকৰাকৈ চীনৰ বিৰুদ্ধে এক বিবৃতি প্ৰকাশ কৰি কৰিছে।

“১৯৮২ চনত ৰাষ্ট্ৰসমূহৰ সমুদ্ৰ চুক্তি দক্ষিণ চীন সাগৰৰ নাৰ্য আইনী অধিকাৰ, সংশ্লিষ্ট দেশসমূহৰ স্বাৰ্থ আৰু সাৰ্বভৌমত্বৰ ওপৰত কৰা উচিত।” চীনে গোটেই অঞ্চলটোকে অধিকাৰ কৰি নিজৰ অধিপত্য বিস্তাৰ কৰাৰ অভিযোগ কৰি এইদৰে কয় ৰাষ্ট্ৰসমূহে।

চীনৰ বিৰুদ্ধে বিশ্বৰ ৰাষ্ট্ৰসমূহে স্থিতি প্ৰকাশ কৰাৰ পিছত চীনে কি কৌশল গ্ৰহণ কৰে সেয়া আগন্তুক সময়ত লক্ষণীয় হ’ব।

Related News