NORTHEAST NOW (Assamese)
অসম

ভাৰতে কোভিড-১৯ আৰু সীমান্তত চলি থকা উত্তেজনা, দুয়োখন যুদ্ধতে জয়ী হ’ব : অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 6:46 pm
17-02-19 Guwahati- State BJP office Foundation Stone Amit Shah (15)

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে কোভিড-১৯-ৰ বিৰুদ্ধে চলি থকা যুদ্ধ আৰু পূব লাডাখৰ এল এ চিত চীনৰ বিৰুদ্ধে চলি থকা উত্তেজনাৰ যুদ্ধত জয়ী হ’ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে।

গৃহ মন্ত্ৰী অমিত শ্বাহে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ভাৰতে দুয়োখন যুদ্ধত জয়ী হ’ব বুলি মন্তব্য কৰিলেও এল এ চিৰ বিষয়ে আলোচনা কৰা এয়া সঠিক সময় নহয় বুলি উল্লেখ কৰে।

অমিত শ্বাহৰ মন্তব্যৰ পূৰ্বে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ অনুষ্ঠানত ভাৰতক ৰঙা চকু দেখুওৱা সকলক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি উল্লেখ কৰি চীনলৈ স্পষ্ট ইংগিত দিয়ে।

”লাডাখত ভাৰতৰ ভূমিৰ ওপৰত চকু দিয়াসকলক শক্তিশালী প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতে যেনেকৈ বন্ধুত্ব ৰক্ষা কৰিব জানে, তেনেকৈ চকুত চকু থৈ প্ৰত্যুত্তৰ দিবও জানে,‘’ প্ৰধান মন্ত্ৰী মোদীয়ে মন কী বাতত লগতে কয়।

প্ৰধান মন্ত্ৰীয়ে তাৰোপৰি, ভাৰতৰ সংকল্প হৈছে ভাৰতৰ স্বাভিমান আৰু সাৰ্বভৌমত্বৰ ৰক্ষা কৰা। ভাৰতৰ লক্ষ্য হৈছে আত্মনিৰ্ভৰ ভাৰত। ভাৰতৰ পৰম্পৰা ভৰসা আৰু বন্ধুত্ব। আমি এই দিশেৰে আগবাঢ়ি যাম বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।