NORTHEAST NOW (Assamese)

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয়ত মাত মাতি বিপদত আমেৰিকাৰ কুটনীতিবিদ, চমন জাৰি কৰিলে ভাৰত চৰকাৰে

March 27, 2024 6:35 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: March 27, 2024 6:44 pm

দিল্লীৰ কথিত সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ চৰ্চা ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চলিছে।

আবকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰতৰ ৰাজনৈতিক মহলত।

কেজৰিৱালক গ্ৰেপ্তাৰ কৰি বিৰোধী আৰু সচেতন মহলৰ চোকা সমালোচনা আৰু প্ৰতিবাদৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ। আনকি ক্ষমতাৰ অপব্যৱহাৰৰ কৰি বিৰোধীক নিঃশেষ কৰিবলৈ চেষ্টা কৰা বুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমালোচনাৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰ।

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয় সন্দৰ্ভত ভাৰতত থকা জাৰ্মান দূতাবাসৰ জ্যেষ্ঠ কূটনীতিবিদ জৰ্জ এঞ্জৱেইলাৰে তিনিদিন পূৰ্বে কৈছিল যে – ভাৰত চৰকাৰে ন্যায়িক স্বাধীনতা আৰু গণতান্ত্ৰিক নীতি অনুসৰি কাম কৰিব বুলি আমি আশা কৰোঁ। 

ইয়াৰ পিছতেই জাৰ্মান দূতগৰাকীক চমন জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

জাৰ্মানীৰ পিছত কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত মন্তব্য কৰিছে আমেৰিকাই ।  ইতিমধ্যে ভাৰতত থকা আমেৰিকাৰ দূতাবাসৰ এজন শীৰ্ষ কূটনীতিবিদক চমন জাৰি কৰিছে ভাৰত চৰকাৰে।

মঙলবাৰে আমেৰিকাই এক বিবৃতি প্ৰকাশ কৰে। কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আমেৰিকান মিছনৰ ভাৰপ্ৰাপ্ত উপ প্ৰধান গ্ল’ৰিয়া বেৰবেনাই মন্তব্য কৰে যে তেওঁলোকে সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰি আছে। এই গোচৰত স্বচ্ছ, নিৰপেক্ষ আৰু ক্ষিপ্ৰ আইনী ব্যৱস্থাৰ কৰিছে আমেৰিকাই। 

এই মন্তব্যৰ পিছতেই আমেৰিকান কূটনীতিবিদজনক চমন জাৰি কৰে নতুন দিল্লীয়ে । 

ইয়াৰ পিছতেই বুধবাৰে দুয়োপক্ষৰ মাজত প্ৰায় ৪০-৪৫ মিনিটৰ বৈঠক অনুষ্ঠিত হয়। 

এটা সৰ্বভাৰতীয় সংবাদ সংস্থাৰ মতে, দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত কিয় মন্তব্য কৰিছিল সেই সন্দৰ্ভত কূটনীতিবিদগৰাকীৰ পৰা ব্যাখ্যা বিচাৰিছে ভাৰত চৰকাৰে।

কোৱা প্ৰয়োজন নাই যে আমেৰিকান কুটনীতিবিদগৰাকীক চমন জাৰি কৰি ভাৰতত যে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে, চৰকাৰক সমালোচনা কৰিলেই যে ৰোষৰ বলি হ’বলগা হয় সেই আকৌ এবাৰ কথা স্পষ্ট হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত।

 

Related News