NORTHEAST NOW (Assamese)

আকৌ নতুন চমক! : ক’ৰ’ণা খেদিবলৈ এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ ‘জন আন্দোলন’ৰ কৰ্মসূচী

October 8, 2020 1:54 pm · এন ই নাও নিউজ
Updated: October 8, 2020 2:27 pm

ইটোৰ পিছত সিটো ক’ৰ’ণা প্ৰতিৰোধী প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছত ক’ৰ’ণাক প্ৰতিৰোধ কৰিবলৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক নতুন কৰ্মসূচী আৰম্ভ কৰিছে।

ইতিমধ্যে ক’ৰ’ণা প্ৰতিৰোধৰ বাবে দেশত বলৱৎ কৰাৰ জনতা কাৰ্ফিউ, হাত চাপৰি, ল’কডাউন, আনল’কডাউন আদিও চূড়ান্তভাৱে ব্যৰ্থ হোৱা পৰলিক্ষিত হৈছে।

এই ব্যৰ্থতাৰ পিছত আজি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’ণাৰ বিৰুদ্ধে যঁজিবলৈ আৰম্ভ কৰিলে ‘জন আন্দোলন’ কৰ্মসূচী।

এই বিষয়ে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আহক, ক’ৰ’ণা বিৰুদ্ধে একলেগে যুঁজ কৰো। সকলো সময়তে মনত ৰাখিব; মাস্ক পিন্ধক, হাত পৰিস্কাৰ কৰি ৰাখক, সামাজিক দূৰত্ব বজায় ৰাখক। ইজনে সিজনৰ পৰা দুগজ দূৰত্বত বজাই ৰাখক।”

উল্লেখ্য যে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সভাই এই ‘জন আন্দোলন’ কাৰ্যসূচী আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছিল।

আনহাতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই সন্দৰ্ভত কয়, “যেতিয়ালৈকে ক’ৰ’ণাৰ ভেকচিন প্ৰস্তুত নহয় তেতিয়ালৈকে মাস্ক, সামাজিক দূৰত্ব আৰু হাত ধোৱাই একমাত্ৰ অস্ত্ৰ।”

স্মৰ্তব্য যে ‘জন আন্দোলন’ এই কৰ্মসূচীৰ বিষয়ে বুধবাৰে চৰকাৰী বিবৃতিৰ যোগে ঘোষণা কৰা হৈছিল। বিবৃতিটোত কোৱা হৈছিল যে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সকলোৱে মিলি এই কৰ্মসূচীক বাস্তৱায়িত কৰা হ’ব।

অঙ্গনৱাড়ী কৰ্মী, স্বাস্থ্যকৰ্মী সৈতে খেলুৱৈ, বিনোদন জগতৰ লোকসকলক জড়িত কৰি সজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ আৰম্ভ কৰা হ’ব।

ইয়াৰ বাবে জনসমাগম হোৱা ৰে’লৱ ষ্টেশ্যন, বজাৰ আদি স্থানসমূহ নিৰ্বাচন কৰা হ’ব।

Related News