NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ দেশৰ লগতে হাফলঙতো ইণ্ডিয়া প’ষ্ট পেমেণ্ট বেংকৰ যাত্ৰাৰম্ভ

Posted by: পংকজ কুমাৰ দেব September 1, 2018 5:41 pm
India Post Payment Bank Haflong

সমগ্ৰ দেশৰ লগত আজি হাফলঙতো ইণ্ডিয়া প’ষ্ট পেমেণ্ট বেংক (India Post payment bank) মুকলি কৰা হয়। স্থানীয় বিজেপি বিধায়ক বীৰভদ্ৰ হাগজেৰে হাফলঙত ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখযোগ্য যে অসমৰ মুঠ ২৬ খন জিলাত এই বেংকৰ শাখাসমূহ থাকিব।

ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা সন্মানীয় অতিথি আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকিয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উক্ত অনুষ্ঠানত হাফলং এম ডি জি পোষ্ট অফিচৰ সহকাৰী অধীক্ষক আব্দুল জলিল তালুকদাৰে তেওঁৰ আদৰণি ভাষণত ইণ্ডিয়া প’ষ্ট পেমেণ্ট বেংকৰ বিষয়ে চমুকৈ আলোচনা কৰে। প’ষ্ট পেমেণ্ট বেংকৰ পৰা ৰাইজ উপকৃত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি আৰম্ভ কৰা এই বেংকিং ব্যৱস্থাৰ যোগেদি চহৰৰ উপৰি গাঁও অঞ্চলৰ ৰাইজো উপকৃত হোৱাৰ লগতে ই দেশৰ অৰ্থনৈতিক ব্যৱস্থাতো প্ৰভাৱ পেলাব বুলি কয়। একেদৰে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক ব্যৱস্থাৰ প্ৰশংসা কৰে। তেওঁ কয় যে প’ষ্টমেন আৰু প’ষ্ট অফিচৰ লগত সাধাৰণ ৰাইজৰ সম্পৰ্ক দীৰ্ঘ দিনিয়া, সেয়ে প’ষ্ট পেমেণ্ট বেঙ্ক অৱশ্যেই সফল হ’ব।

ৰাইজক প’ষ্ট পেমেণ্ট বেংকৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাই মুখ্য অতিথিৰ ভাষণত বিধায়ক বীৰভদ্ৰ হাগজেৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ তথা ৰাইজৰ সামগ্ৰিক কল্যাণৰ কাৰণে দিনে নিশাই কাম কৰি আছে।