NORTHEAST NOW (Assamese)

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ দৈনিক সংক্ৰমণৰ ঘটনা; বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যাও

August 6, 2021 11:48 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা যথেষ্টখিনি বৃদ্ধি পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

আনহাতে, দৈনিক মৃত্যুৰ সংখ্যা অৱশ্যে পাঁচশৰ তলতে আছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৪ হাজাৰ ৬৪৮ গৰাকী লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৩কোটি ১৮লাখ ৫৭ হাজাৰ পাইছেগৈ।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪৬৪ গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২৬ হাজাৰ ৭৫৪গৰাকী লোক।

দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪১হাজাৰ ৯৬গৰাকী।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ১০লাখ ১৫ হাজাৰ ৮৪৪ গৰাকী। সুস্থতাৰ হাৰ হৈছে ৯৭.৩৭শতাংশ।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ১৪হাজাৰ ১৫৯গৰাকী।

দেশত এতিয়ালৈকে ৪৯ কোটি ৫৩লাখ ২৭ হাজাৰ ৫৯৫ গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে বুলি সদৰী কৰিছে। ভাৰততো তৃতীয় ঢৌ শীঘ্ৰেই আৰম্ভ হোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।

Related News