NORTHEAST NOW (Assamese)

Covid-19 Update দেশত সামান্য বৃদ্ধি পালে কৰ’নাৰ দৈনিক সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যা

November 21, 2021 10:47 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

Covid-19 Update দেশত উৎসৱৰ বতৰ প্ৰায় শেষ হোৱাৰ সময়তে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ দেওবাৰে পুনৰ সামান্য বৃদ্ধি পাইছে যদিও সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস আৰু সুস্থতাৰ হাৰলৈ চাই এতিয়াও কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।   

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১০হাজাৰ ৪৮৮জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১০হাজাৰ ৩০২জন লোক।

বৰ্তমান দেশ মুঠ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৪৫ লাখ ১০ হাজাৰ ৪১৩জন।  

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩১৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শনিবাৰে এই সংখ্যা আছিল ২৬৭ জন

Also Read: Road Accident কলিয়াবৰৰ নলতলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত প্ৰাক্তন ছাত্ৰ নেতা

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬৫ হাজাৰ ৬৬২জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১হাজাৰ ৩২৯ জন। সুস্থতাৰ হাৰ হৈছে ৯৮.৩০শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৯লাখ ২২হাজাৰ ৩৭জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ২ হাজাৰ ৭১৪ জন। এয়া দেশৰ মুঠ আক্ৰান্তৰ ০.৩৬শতাংশ

Also Read: Adani’s Mundra Port ড্ৰাগছৰ পাছত এইবাৰ আদানিৰ মুন্দ্ৰা বন্দৰত উদ্ধাৰ পাকিস্তানৰ পৰা অহা তেজস্ক্ৰিয় পদাৰ্থ

বৰ্তমানলৈ দেশত ১১ কোটি ৫০ লাখ ৫৫ হাজাৰ ২১০ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত প্ৰায় ৬৭ লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।  

Related News