NORTHEAST NOW (Assamese)

Covid-19 Update দেশত বৃদ্ধি পালে দৈনিক সংক্ৰমণ; কৰ’নাৰ নতুন প্ৰজাতিক লৈ উদ্বেগ

November 26, 2021 11:12 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

Covid-19 Update দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ হ্ৰাস পাই থকাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা কমি অহা ঘটনাৰ মাজতে পুনৰ মাৰাত্মক কৰ’না ভাইৰাছৰ নতুন প্ৰজাতিৰ আৱিৰ্ভাৱে উদ্বেগৰ সৃষ্টি কৰিছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১০ হাজাৰ ৫৯জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪৮৮ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬ হাজাৰ ৪৬৮জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৮৬৮ জন। সুস্থতাৰ হাৰ হৈছে ৯৮.৩শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৯লাখ ৭৭হাজাৰ ৮৩০জন

Also Read: Oil tanker gutted in fire বুঢ়াপাহাৰত তেল পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁট

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ১ হাজাৰ ১৩৩জন। এয়া দেশৰ মুঠ আক্ৰান্তৰ ০.৩শতাংশ

বৰ্তমানলৈ দেশত ১২০ কোটি ২৭ লাখ ৩ হাজাৰ ৬৫৯জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৮৩ লাখ ৮৮ হাজাৰ ৮২৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত মুঠ ১১লাখ ৮১হাজাৰ ২৪৬জনৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছে।

কৰ’নাৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ’লেও নতুন প্ৰজাতিক লৈ শংকা বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে বি.১.৫২৯ নামৰ প্ৰজাতিয়ে একাধিকবাৰ ৰূপ সলনি কৰিছে।

Also Read: Inter-Caste Marriage অসবৰ্ণ বিবাহৰ বাবে অসম চৰকাৰৰ বিশেষ বিত্তীয় অনুদান; অহা ৩ ডিচেম্বৰ আবেদনৰ অন্তিম সীমা

দক্ষিণ আফ্ৰিকাৰ বাৎসোৱানা আৰু হংকঙতো এই প্ৰজাতি ধৰা পৰিছে। ইয়াকে লৈ ভাৰত স্বাস্থ্য মন্ত্ৰ্যালয়ে সতৰ্ক কৰি দি উক্ত দেশৰ পৰা অহা আন্তৰ্জাতিক পৰ্যটকৰ ওপৰত দৃষ্টি ৰাখিবলৈ কোৱা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।  

Related News