NORTHEAST NOW (Assamese)

Covid-19 Update উদ্বেগ বঢ়াইছে দেশত কৰ’নাৰ দৈনিক মৃত্যুৰ সংখ্যাই; সুস্থতাৰ হাৰত স্বস্তি

November 13, 2021 11:18 am · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ বৃদ্ধি পোৱা নাই যদিও দৈনিক মৃত্যুৰ সংখ্যাই এতিয়াও উদ্বেগ অব্যাহত ৰাখিছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ৮৫০ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১২হাজাৰ ৫১৬ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৫৫ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬ হাজাৰ ২৪৫জন।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১ হাজাৰ ৪০৩ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৮লাখ ২৬হাজাৰ ৪৮৩জন।

Also Read: DNLA Rebels To Surrender Arms আজি মাইবাঙত অস্ত্ৰ সম্বৰণ কৰিব ডিএনএলএ উগ্ৰপন্থী সদস্যই

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৩হাজাৰ ৩০৮জন। এয়া বিগত ২৭৪ দিনৰ ভিতৰত সৰ্বনিম্ন

বৰ্তমানলৈ দেশত ১১ কোটি ৪০ লাখ ৪৮ হাজাৰ ১৩৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ৫ লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে

সেইদৰে, বিগত ২৪ ঘন্টাত দেশত মুঠ ১২লাখ ৬৬ হাজাৰ ৫৮৯জন লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছে।

ইপিনে, নতুনকৈ কৰ’নাৰ বৃদ্ধি পাইছে কেৰালাৰ কোভিড গ্ৰাফ। যোৱা ২৪ ঘন্টাত দেশৰ মুঠ আক্ৰান্তৰ ভিতৰত ৬৬৭৪জনেই হৈছে কেৰালাৰ। তদুপৰি, মহাৰাষ্ট্ৰতো প্ৰায় ১ হাজাৰ লোক আক্ৰান্ত হৈছে।

Also Read: New SOP অসম চৰকাৰৰ নতুন SOP; গৰ্ভৱতী মহিলা চৰকাৰী কৰ্মচাৰীও আহিব লাগিব কাৰ্যালয়লৈ

আনহাতে, কেৰালাত নতুনকৈ এইবাৰ নোৰো ভাইৰাছৰ আতংক বিয়পিছে। ৰাজ্যখনত এই ভাইৰাছত নতুনকৈ ১৩জন লোক আক্ৰান্ত হৈছে।   

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে। 

Related News