NORTHEAST NOW (Assamese)

Coronavirus India Update দেশত বিগত ২৪ ঘন্টাত কিমান হ্ৰাস পালে দৈনিক সংক্ৰমণ, মৃত্যুৰ সংখ্যা?

October 26, 2021 11:16 am · এন ই নাও নিউজ, গুৱাহাটী

Coronavirus India Update দেশত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌৰ আশংকাৰ বিষয়ে চৰ্চা চলি থকাৰ মাজতে দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস পোৱাটোৱে যথেষ্ট সকাহৰ কাৰণ হিচাপে দেখা গৈছে

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ হাজাৰ ৪২৮ জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১৪ হাজাৰ ৩৬ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩৫৬ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে দেশত ৪৪৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫ হাজাৰ ৬৮জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৫লাখ ৮৩হাজাৰ ৩১৮জন।  

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৬হাজাৰ ৮১৬জন।

বৰ্তমানলৈ দেশত ১০ কোটি ২লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, মহাৰাষ্ট্ৰত সংক্ৰমণ কমিলেও কেৰালাৰ পৰিস্থিতি এতিয়া উদ্বেগজনক। কেৰালাত যোৱা ২৪ ঘন্টাত ৬হাজাৰ ৬৬৪জন লোক কৰ’নাত আক্ৰান্ত হৈছে।   

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাইছে বিশেষজ্ঞসকলে।

 

Related News