NORTHEAST NOW (Assamese)

Covid-19 Update দেশত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পালেও মৃত্যুৰ সংখ্যাই বৃদ্ধি কৰিছে উদ্বেগ

November 12, 2021 12:49 pm · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ বিপৰীতে দৈনিক মৃত্যুৰ সংখ্যাই এতিয়াও উদ্বেগ অব্যাহত ৰাখিছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ৫১৬ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫০১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬ হাজাৰ ৬৯০জন।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১হাজাৰ ১৫৫ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে। দেশত বৰ্তমান সুস্থতাৰ হাৰ হৈছে ৯৮.২শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩লাখ ১৪ হাজাৰ ৮জন।

Also Read: Crime in the City পুনৰ এক হত্যাকাণ্ডই জোকাৰিছে মহানগৰী; এইবাৰ কালী মন্দিৰৰ পূজাৰীক হত্যা দুৰ্বৃত্তৰ

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৩৭হাজাৰ ৪১৬জন। এয়া বিগত ২৬ দিনৰ ভিতৰত সৰ্বনিম্ন

বৰ্তমানলৈ দেশত ১১০ কোটি ৭৯ লাখ ৫১হাজাৰ ২২৫ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ৫ লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Related News