NORTHEAST NOW (Assamese)

Covid-19 Update দেশত অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা প্ৰায় ১৩০০; উৰ্দ্ধগামী কৰ’নাৰ দৈনিক সংক্ৰমণ

December 31, 2021 11:04 am · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update ’মিক্ৰণৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ সময়তে নতুন বছৰক আদৰাৰ মুহূৰ্তত দেশত এই ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্যা প্ৰায় ১৩০০ জনলৈ বৃদ্ধি পাইছে। ইপিনে, দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৭৬৪জন লোক।

ইপিনে, দেশত অ’মিক্ৰণ ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ১২৭০জনলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২২০ জন লোকৰ মৃত্যু হৈছে।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭হাজাৰ ৫৮৫জন লোক সুস্থতাৰ হাৰ হৈছে ৯৮.৩৬ শতাংশ।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯১হাজাৰ ৩৬১জন। এই সংখ্যা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে।

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বৃদ্ধি পাইছে

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫০জন লোক অ’মিক্ৰণ ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াতেই দেশৰ প্ৰথমজন অ’মিক্ৰণ আক্ৰান্তৰ মৃত্যু ঘটিছে।

মহাৰাষ্ট্ৰৰ পাছতেই দিল্লীত মুঠ ৩২০জন অ’মিক্ৰণ ভেৰিয়েন্টত আক্ৰান্ত হৈছে।

দেশত ইতিমধ্যে ১৪৪ কোটি ৫৪লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত ৬৬লাখ ৬৫ হাজাৰ ২৯০জনক কৰ’নাৰ ভেকচিন দিয়া হৈছে।

ইপিনে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে। 

Related News