NORTHEAST NOW (Assamese)

Covid-19 Update: বিদায় লৈছে তৃতীয় ঢৌৱে! দেশত নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; মৃত্যুক লৈ উদ্বেগ

February 4, 2022 11:24 am · এন ই নাও নিউজ, গুৱাহাটী

দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ নিম্নগামী হৈ আহিছে যদিও মৃত্যুৰ সংখ্যা উদ্বেগ অব্যাহত ৰাখিছে বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে ভাৰতত কৰ’নাৰ তৃতীয় ঢৌ শেষ হৈছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘণ্টাত লাখ ৯হাজাৰ ৪৯৪গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেশত আজি পজিটিভিটিৰ হাৰ শতাংশৰ তললৈ হ্ৰাস পাইছে ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১০৭২গৰাকী।

লগতে পঢ়ক: জনপ্রিয়তা হেৰুৱাইছে! ১৭বছৰত প্ৰথমবাৰ হ্ৰাস পালে Facebook ব্যৱহাৰকাৰীৰ সংখ্যা; কিমান পালে হ্রাস?

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা লাখ অতিক্ৰম কৰিছে

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ১ লাখ হাজাৰ ৫৬৯গৰাকী।

বিগত ২৪ঘন্টাত দেশত কোভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২লাখ ৪৬হাজাৰ ৭৪গৰাকী।

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে হৈছে কোটি ১৭ হাজাৰ ৮৮গৰাকী।

লগতে পঢ়ক:বিধানসভা নির্বাচনৰ পূর্বে বালি সৰবৰাহ গোচৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ভতিজাকক গ্ৰেপ্তাৰ ইডিৰ

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যাই ১৬.৫৮ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত মুঠ ১৬লাখ ১১হাজাৰ ৬৬৬গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে।

Related News